অসমঅসমীয়া

মোৰ বিৰুদ্ধে গোচৰ তৰিলে মোৰ কিতো হ’ব? কাজিৰঙাত সংবাদমেল সম্বোধন কৰি নাইট ছাফাৰী বিতৰ্কক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্কঃ ‘অসমৰ মুখ্যমন্ত্ৰীয়েই যদি কাজিৰঙাত সোমাব নোৱাৰে, তেন্তে কেনেকৈ গম পাব কাজিৰঙাত কি চলি আছে?’ কাজিৰঙাত সদগুৰুৰ সৈতে নাইট ছাফাৰীক লৈ আৰম্ভ হোৱা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

কাজিৰঙাত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ কিছু সংখ্যক ব্যক্তিয়ে বিতৰ্ক কৰি ভাল পায়।

কিন্তু বিতৰ্ক ভালপোৱা ৯৯ শতাংশ লোককে এতিয়া অসমৰ ৰাইজে বিদায় দিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে এতিয়া এক শতাংহহে বাকী আছে।

কোনখন আইনৰ অধীনত কাজিৰঙাত মুখ্যমন্ত্ৰীয়ে যাব নোৱাৰে বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আমি এগৰাকী অতিথিক মাতি আনিছো। তেখেতে বহুমূলীয়া সময় আমাক দিছে। অসমীয়া মানুহে তাত কৃতজ্ঞ হৈ ধন্যবাদ দিব লাগে।

আনহাতে তেওঁৰ বিৰুদ্ধে গোচৰ তৰা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘মোৰ ওপৰত গোচৰ তৰিলে মোৰ কিতো হ’বগৈ? মই আইন ভাগিলেহে এৰেষ্ট হ’ব।’

ছিংগাপুৰত নাইট ছাফাৰী নহয় নেকি বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অভয়াৰণ্যত ৰাতি ছাফাৰী কৰাটোহে ফেশ্বন। দেশ-বিদেশৰ অভয়াৰণ্যত মানুহে ৰাতিয়ে যায়, লাইট জ্বলাই বন্য জীৱ-জন্তু চায়।

সদগুৰুৱে যিমান আশা লৈ অসমলৈ আহিছিল, তাৰ বিপৰীতে তেওঁক ঋণাত্মক ভাৱ এটা প্ৰদান কৰিহে ওভতাই পঠিওৱা হ’ল বুলি আক্ষেপ ব্যক্ত কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে দেশত সদগুৰুক ভালপোৱা লোকসকলে এতিয়া অসম আৰু অসমীয়া জাতিৰ বিষয়ে এটা ঋণাত্মক ধাৰণা গ্ৰহণ কৰিব।

Related Articles

Back to top button