মোৰ প্ৰয়াত পিতৃৰ দিনৰ পৰাই তৃণমূল কংগ্ৰেছৰ সৈতে আছিল এক পুৰণি সম্পৰ্ক: সুস্মিতা দেৱ

নিউজ ডেস্ক। সোমবাৰে তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল কংগ্ৰেছ দলৰ সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা শিলচৰ সমষ্টিৰ প্ৰাক্তন সাংসদ সুস্মিতা দেৱে।

ইয়াৰ পিছতেই হঠাৎ উত্তাল হৈ পৰিছিল দেশৰ ৰাজনৈতিক বতাহ। কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগ দিয়াৰ পিছত তেওঁ মত প্ৰকাশ কৰা নাছিল সংবাদ মাধ্যমৰ আগত। কিন্তু মংগলবাৰে তেওঁ আয়োজন কৰে এক সংবাদ মেলৰ। আৰু সেই সংবাদ মেলতে তেওঁ উল্লেখ কৰে বহুতো কথা আৰু পৰৱৰ্তী কৰ্মপন্থা।

মংগল বাৰে সংবাদ মেল যোগে সুস্মিতা ই কয়, “মোক সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে গ্ৰহণ কৰিছে। সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ সৈতে মই প্ৰথম দেখা কৰিছিলো। তেওঁক লগ কৰাৰ পিছত তেওঁ মোক যিমান সন্মান প্ৰদান কৰিছে আৰু তৃণমূলৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ’ ব্ৰায়েনে মোক যিমান সহায় কৰিছে তাৰ বাবে মই তেওঁলোকক ধন্যবাদ জনাইছো। তৃণমূল কংগ্ৰেছৰ সদস্য হোৱাৰ পিছত মই আশাবাদী যে মমতা বেনাৰ্জীৰ নেতৃত্ব আৰু অভিষেক বেনাৰ্জীৰ তত্বাৱধানত আমাৰ তৃণমূল কংগ্ৰেছৰ যি লক্ষ্য আছে তাক সফল কৰাত আৰু শক্তিশালী হ’ব।”

সুস্মিতাই আৰু কয়, ”ইতিহাসত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ সৈতে আমি ত্ৰিশ বছৰেই নাছিলো, তিনিটা প্ৰজন্মৰ সহযোগী আছিলো। এইটো অস্বীকাৰ নকৰো যে তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় নেত্ৰী মমতা বেনাৰ্জীৰ সৈতেও আমাৰ দীৰ্ঘ দিনৰ এক সম্পৰ্ক আছিল। আমাৰ পৰিয়ালৰ সৈতে তেওঁৰ ৪০/৫০ বছৰৰ সম্পৰ্ক আছিল। মোৰ প্ৰয়াত পিতৃ মন্ত্ৰী আছিল, অসম আৰু ত্ৰিপুৰাৰ পৰা সাংসদ আছিল। তেওঁৰ সেই সময়ৰ পৰাই মমতা দিদিৰ সৈতে সম্পৰ্ক আছিল। ই বহু পুৰণি সম্পৰ্ক আছিল।”

তেওঁ লগতে কয়, “মই সাংগঠনিক কাম কৰি ভালপাওঁ। সেয়েহে মোৰ ইচ্ছা আছে সংগঠনৰ কাম কৰাৰ। মই ৰাজনৈতিক জীৱন সংগঠনৰ কামৰ পৰাই আৰম্ভ কৰিছিলো। মোৰ বিশ্বাস যে মমতা দিদিয়ে মোক যি দায়িত্বই দিব, সেই দায়িত্বই মই পালন কৰিব পাৰিম। মমতা দিদিৰ ওপৰত মোৰ আস্থা আছে।”

কংগ্ৰেছ এৰাৰ সন্দৰ্ভত তেওঁ কয়, “বহুতেই হয়টো জানিব বিচাৰিছে যে মই কংগ্ৰেছ এৰাৰ কাৰণ কি। কিন্তু মই ভাবো পদত্যাগ পত্ৰত যি লিখিছো সেইয়াই কংগ্ৰেছ এৰাৰ মূল কাৰণ। কংগ্ৰেছ অধ্যক্ষাক মই লিখিত ভাৱে সকলো জনাইছো। মোৰ বিশ্বাস বা মই আশাবাদী যে ছোনিয়া গান্ধীৰ আশীৰ্বাদ মই অনাগত দিনতো লাভ কৰিম।”

মমতা বেনাৰ্জীৰ ওপৰত আস্থা প্ৰকাশ কৰি সুস্মিতা দেৱে কয়, “মই সংগঠনৰ সৰ্বভাৰতীয় দায়িত্বত আছিলো। কিন্তু মই দেখিছো যে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী হিচাপে মমতা দিদিৰ লক্ষ্য আৰু কাম নিশ্চিতভাৱে অনুপ্ৰেৰণা মূলক।”

Leave a Comment