মোৰ পুত্ৰ যিদৰে হেৰাই গৈছে, তাৰ হত্যাকাৰীসকলো তেনেদৰে হেৰাই যোৱাটো বিচাৰোঃ অনিমেষৰ মাতৃ

যোৰহাটৰ মাজমজিয়াত গণ আক্ৰমণৰ বলি হৈ প্ৰাণ হেৰুওৱা অনিমেষ ভূঞাৰ হত্যাৰ অভিযোগত অভিযুক্ত ১৪জনৰ বিৰুদ্ধে যোৰহাট আৰক্ষীয়ে দাখিল কৰিছে চাৰ্জশ্বিট।

উল্লেখ্য যে, অনিমেষ ভূঞাৰ হত্যাৰ অভিযোগত আৰক্ষীয়ে মুঠ ১৫ জন অভিযুক্তক আটক কৰিছিল। কিন্তু এই সমস্ত কাণ্ডৰ মূল খলনায়ক ক’লা গুণ্ডা ওৰফে নীৰজ দাসে আৰক্ষীৰ বাহনৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে আৰক্ষীৰ আন এখন বাহনৰ চেপাত মৃত্যু ঘটে।

বৰ্তমান কাৰাবন্দী হৈ থকা ১৪ অভিযুক্তৰ বিৰুদ্ধে সোমবাৰে চাৰ্জশ্বিট দাখিল কৰে আৰক্ষীয়ে।

2

ইফালে পুত্ৰৰ হত্যাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰাৰ পিছতে অনিমেষৰ মাতৃয়ে সাংবাদিকৰ সন্মুখত সন্তোষ ব্যক্ত কৰে।

প্ৰণিধানযোগ্য যে, অনিমেষক যি সময়ত যোৰহাটৰ ৰাজপথত মৰিয়াই মৰিয়াই একাংশ পাষণ্ডই হত্যা কৰিছিল, সেই সময়ত অগণন লোক উপস্থিত আছিল সেই ঠাইত। বহুতে মোবাইল কেমেৰাৰে ভিডিঅ’ বনোৱাত ব্যস্ত আছিল, আন বহুতে আকৌ উপভোগ কৰিছিল সেই দৃশ্যৰ। কিন্তু হত্যাকাৰীক আটক কৰাৰ পিছত আৰক্ষীৰ ওচৰত অভাৱ ঘটিছিল সাক্ষীৰ। সেই কথা যোৰহাট আৰক্ষীয়ে নিজেই প্ৰকাশ কৰিবলগা হৈছিল।

পিছত সাক্ষীৰ অভাৱৰ কথা বিভিন্ন সংবাদ মাধ্যমত বাতৰি আকাৰে প্ৰকাশ পোৱাৰ পিছতে বহু স্থানীয় প্ৰত্যক্ষদৰ্শী ওলাই আহিছিল সাক্ষী প্ৰদান কৰিবলৈ। যাৰ বাবে দ্ৰুততাৰে আগবাঢ়ে তদন্ত প্ৰক্ৰিয়া।

দুৰ্ভগীয়া অনিমেষৰ মাতৃয়ে তেওঁৰ পুত্ৰৰ হত্যাকাৰীৰ বিৰুদ্ধে সাক্ষীদান কৰা সকলকো ধন্যবাদ জনায়। তেওঁ লগতে কয় যে
হত্যাকাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে যিমান ক্ষীপ্ৰতাৰে চাৰ্জশ্বিট দাখিল কৰিছে, সিমান ক্ষীপ্ৰতাৰে শাস্তি বিহিলেহে তেওঁ শান্তি পাব।

কিন্তু পুত্ৰৰ হত্যাকাৰীৰ যাৱজ্জীৱন কাৰাদণ্ড বিচৰা নাই অনিমেষৰ মাতৃয়ে। তাৰ বিপৰীতে তেওঁ বিচাৰিছে সিহঁতৰ ফাঁচী। তেওঁ কয়, ‘মোৰ পুত্ৰ যিদৰে হেৰাই গৈছে, তাৰ হত্যাকাৰীসকলো তেনেদৰে হেৰাই যোৱাটো মই বিচাৰো।’

Leave a Comment