fbpx
অসমঅসমীয়া

মোৰ দৰে সিহঁতৰো এদিন সন্তান মৰিব! সঞ্জীৱ শৰ্মাৰ পিতৃয়ে কাক দিলে এই অভিশাপ?

নিউজ ডেস্কঃ আলফা স্বাধীনৰ হাতত বন্দী হোৱা অসম আৰক্ষীৰ চোৰাংচোৱা সঞ্জীৱ শৰ্মাৰ মৃত্যুদণ্ড ঘোষণাৰ পিছতে শোকৰ উজান উঠিছে সঞ্জীৱৰ বাইহাটা চাৰিআলিৰ মুক্তাপুৰৰ ঘৰখনত।

পুত্ৰৰ শোকত বাউল হৈ পৰা পিতৃ মুনীন্দ্ৰ শৰ্মা আৰু মাহীমাকে এতিয়া অভিশাপ দিছে পৰেশ বৰুৱাকো।

সংবাদ মাধ্যমৰ সন্মুখত বুকুৰ শোক উজাৰি সঞ্জীৱ শৰ্মাৰ পিতৃয়ে কয়, ‘পৰেশ বৰুৱা ভগৱান নহয়। এদিন তেওঁৰো সন্তানৰ এনেদৰে মৃত্যু ঘটিব। তেতিয়া বুজিব দুখ কি!’

G4 5

আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সঞ্জীৱৰ ঘৰখন, মাক-দেউতাকৰ কথা এবাৰ চিন্তা কৰিব লাগিছিল বুলি শোকত ভাগি পৰে পিতৃ মুনীন্দ্ৰ শৰ্মা।

তেওঁ কয়, ‘পৰেশ বৰুৱাতো অসমীয়া মানুহ। তেওঁ অসমৰ কথা চিন্তা কৰিব লাগিছিল। পেটৰ ভোকত গৈছিল সঞ্জীৱ। এবাৰ পৰেশ বৰুৱাই ভাৱি চাব লাগিছিল তাৰ ঘৰখনৰ কি হব। কাম কৰি ঘৰ চলাব পৰা জনকেই মাৰিলে…। এতিয়া কাম কৰিব নোৱাৰা কেইটাৰ কি হ’ব!’

পৰেশ বৰুৱাৰ লগতে সঞ্জীৱক আলফা স্বাধীনলৈ প্ৰেৰণ কৰা বুলি অভিযোগ উত্থাপন হোৱা আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তকো অভিশাপ দিলে পিতৃ মুনীন্দ্ৰ শৰ্মাই।

আলফা বা অসম আৰক্ষীয়ে বিচাৰিলে মাটি বিক্ৰী কৰি হ’লেও পুত্ৰৰ বাবে ক্ষতিপূৰণ দিলেহেঁতেন বুলি শোকবিহ্বল হৈ পৰে মুনীন্দ্ৰ শৰ্মা।

উল্লেখ্য যে, কিছুদিন পূৰ্বে আলফা স্বাধীনে প্ৰকাশ কৰিছিল এটা ভিডিঅ’। য’ত সঞ্জীৱ শৰ্মা নামৰ যুৱকজনে স্বীকাৰ কৰিছিল কেতবোৰ বিস্ফোৰক মন্তব্য।

আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তৰ নিৰ্দেশত সঞ্জীৱে আৰক্ষীৰ গুপ্তচৰৰূপে আলফাত যোগদান কৰা বুলি স্বীকাৰ কৰাৰ পিছতে শনিবাৰে সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড বিহে আলফা স্বাধীনে।

সঞ্জীৱে দাবী কৰা মতে, আলফাৰ গুপ্তচৰৰূপে তেওঁৰ মিছন সম্পূৰ্ণ হ’লে এক কোটি টকা দিম বুলি প্ৰতিশ্ৰুতি দিছিল আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই।

লগতে চাওকঃ

অসম আৰক্ষীয়ে কোনো গুপ্তচৰ আলফালৈ প্ৰেৰণ কৰা নাইঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

G2 7

Related Articles

Leave a Reply

Back to top button