fbpx
অসম

মোৰ দেহত লাচিত বৰফুকনৰ তেজ আছে, পীযুষ হাজৰিকাৰ দেহত আছে মোগলৰ তেজঃ অখিল গগৈ…

দেওবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই অখিল গগৈৰ শৰীৰত অসমীয়াৰ তেজ নাই বুলি মন্তব্য কৰিছিল।

মন্ত্ৰীগৰাকীৰ এই মন্তব্যক এতিয়া উভতি ধৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

অখিল গগৈয়ে কয়- মোৰ দেহত লাচিত বৰফুকনৰ তেজ আছে, মই লাচিত বৰফুকনৰ বংশৰ মানুহ।আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পীয়ুষ হাজৰিকা হ’ল লাচিত বৰফুকনে কাটি পেলোৱা মোমাইৰ বংশ।

অখিল গগৈয়ে লগতে কয়-‘পীয়ুষ হাজৰিকা হ’ল অসম আক্ৰমণ কৰা মোগলৰ বংশধৰ। হিমন্ত আৰু পীয়ুষ হাজৰিকা লাচিতে কাটি পেলোৱা মোমাই বংশৰ মানুহ। যিবিলাকে দেশৰ সৈতে কম কৰাৰ বিপৰীতে বিপদৰ সময়ত দিল্লীৰ ওচৰত শৰনাপন্ন হয়।

ইফালে বটদ্ৰৱাত সংঘটিত হোৱা হিংসাত্মক ঘটনাত এতিয়া ৰহস্যৰ গোন্ধ পাইছে অখিল গগৈয়ে।

গগৈয়ে কয় যে,  ‘থানা কেনেকৈ দিনৰ পোহৰতে দুষ্কৃতিকাৰীয়ে জ্বলাবলৈ পালে? থানা জ্বলোৱা সময়ত কিয় আৰক্ষীয়ে কন্দোৱা গেছ অথবা লাঠি চাৰ্জ নকৰিলে? সংবাদ মাধ্যমেও এটা অংশ প্ৰকাশ কৰি বদনামী কৰা চেষ্টা কৰে। থানাৰ ভিতৰতে হত্যা কৰাক গৰিহণা দিছো।’

অখিলে লগতে কয়- হিমন্ত বিশ্ব শৰ্মাৰ অতপালি বৃদ্ধি হৈছে। খিলঞ্জীয়া লোকৰ ওপৰত চলোৱা উচ্ছেদ অভিযান মানি লোৱা নহ’ব। শিলসাকোৰ ভিতৰত থকা বদৰুদ্দিন আজমলৰ বিল্ডিং উচ্ছেদ কৰা নাই কিয়? কিয় টাটা, হিম্মতসিঙকাৰ অট্টালিকা উচ্ছেদ কৰাৰ সাহস নাই চৰকাৰৰ?

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!