মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্যবাসী।
গীত, নৃত্যৰে লাখ লাখ জনতাক মোহছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজশ্বিতা বৰুৱাৰ (১৪) বুধবাৰে আকস্মিক মৃত্যু ঘটে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বিতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নিয়ে যদিও অকাল মৃত্যুক সাৱতি ল’লে তেজস্বীতাই।
কিন্তু তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ মাজুলীৰ স্বাস্থ্যখণ্ডলৈ ৷ ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।
ইপিনে ভুল চিকিৎসাৰ অভিযোগ তুলি তেজস্বিতাৰ পিতৃয়ে কয়- মোৰ ছোৱালীক WRONG TREATMENT দি মাৰি পেলালে। ছোৱালীজনী কেৱল অচেতন হৈ পৰিছিল। অক্সিজেনৰ অভাৱত তাইৰ মৃত্যু হ’ল।
তাইক কিয় মাৰি পেলালি বুলি হুকহুকাই কান্দি কান্দি পিতৃয়ে কয়- মোৰ এজনীয়ে ছোৱালী। তাইক লৈ মোৰ বহুত সপোন আছিল। সেই ডাক্টৰ জনীয়ে তাইক মাৰি পেলালে।
ইপিনে প্ৰতিভাৱান শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ ন ন তথ্য পোহৰলৈ আহিছে। চকু বিশেষজ্ঞইহে তেজস্বিতাক প্ৰদান কৰিছিল চিকিৎসা ৷
চকু বিশেষজ্ঞ ডাঃ নিলাক্ষী ঠাকুৰীয়াই কৰিছিল চিকিৎসা ৷ মৃগী ৰোগত আক্ৰান্ত আছিল তেজস্বিতা ৷
এই তথ্য পোহৰলৈ অহাৰ পিছতে মাজুলীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷
লগতে চাওকঃ
এপদ এপদকৈ তাই বস্তুবোৰ গোটাইছিল! স্বাস্থ্যমন্ত্ৰীৰ সন্মুখত কান্দি কান্দি কৈ উঠিল তেজস্বিতাৰ পিতৃয়ে…

পৰ্বতৰ বুকুতেই হেৰাই গ’ল পৰ্বত ভালপোৱা অসম কন্যা দীপশিখা, আজিও লাভ কৰা নাই সন্ধান…
