অসমীয়াঅসম

‘মোৰ কামবন ঢেৰ’! এইগৰাকী শাসকীয় দলৰ বিধায়কৰ ঘৰৰ সন্মুখৰ এখন ফলকে সৃষ্টি কৰিছে কৌতূহলৰ…

নিউজ ডেস্কঃ অসমৰে এইগৰকী বিধায়কক লগ কৰিবলৈ যোৱাৰ পূৰ্বে আপুনি জানি থোৱা ভাল তেওঁৰ ঘৰৰ সন্মুখত আঁৰি থোৱা ফলকখনৰ বিষয়ে। তাত লিখি থোৱা কথাখিনি আপুনি প্ৰথমে উপলব্ধি কৰিব লাগিব। তাৰ পিছত যদিহে আপুনি বিধায়কগৰাকীৰ পৰা সাক্ষাতৰ সময় লাভ কৰিছে, তেন্তে একেবাৰে সঠিক নিৰ্দিষ্ট সময়তহে আপুনি তেওঁৰ ঘৰলৈ যাওক। কাৰণ- এইগৰাকী জনপ্ৰতিনিধি অতিশয় ব্যস্ত মানুহ। তেওঁৰ ১ মিনিট সময় নষ্ট কৰাৰ অধিকাৰ আপোনাৰ নাই।

আমি কৈ আছো কিছুদিন পূৰ্বে আমকাণ্ডক লৈ চৰ্চিত হোৱা দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ কথা। এইবাৰ ঘৰৰ সন্মুখত বিধায়কগৰাকীয়ে একাংশ লোকক উদ্দেশ্যি আঁৰিছে এখন ফলক। এই ফলকখন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

ফলকখনৰ আৰম্ভণিতে লিখা আছে। ‘মোৰ কামবন ঢেৰ।’ অৰ্থাৎ যথেষ্ট ব্যস্ত মানুহ বিধায়ক অতুল বৰা। এটা সমষ্টিৰ জনপ্ৰতিনিধি হিচাপে তেওঁৰ ব্যস্ততাও স্বাভাৱিক।

বিধায়কগৰাকীয়ে ফলক আগলৈ লিখিছে, ‘৯ বজাত যদি কাৰোবাক সময় দিও, তাৰ ১ মিনিট আগতে নাহিব। একো কামবন নাই যেতিয়া তাতে বহি থাকোগৈ ব’ল- বহুতেই এনে কৰে বাবেই এইখন জাননী।’

photo1661846190

কোনো কাম নথকাকৈ ঘণ্টাৰ পিছত ঘণ্টাধৰি এনেই বহি কথাৰ মহলা মাৰি ব্যস্ত বিধায়ক অতুল বৰাৰ সময় নষ্ট কৰা সকলৰ বাবেই এই ফলক আঁৰিছে শাসকীয় দলৰ বিধায়কগৰাকীয়ে। লগতে তেওঁ বুজাৰ বিচাৰিছে যে তেওঁৰ বাবে এক মিনিট সময় কিমান মূল্যবান।

সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে অতুল বৰাৰ বাসগৃহৰ সন্মুখত সকলোৱে দেখাকৈ আঁৰি থোৱা এই ফলকখনৰ ফটো। বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বহুতেই আকৌ ফলকখন পঢ়ি হাঁহিৰ খোৰাক বিচাৰি পাইছে।

দিছুপুৰৰ সমষ্টিবাসী বহুতৰ দাবী- সততে দেখা পোৱা নাযায় বিধায়ক অতুল বৰাক। নিৰ্বাচনত জিকাৰ পৰা ক’ত বা তেওঁ হেৰাল! কিন্তু মানুহেতো নাজানে যে আচলতে অতুল বৰা কিমান ব্যস্ত মানুহ। এটা সমষ্টিৰ ইমানগাল মানুহৰ সুখ-দুখৰ সমভাগী হোৱাটো জানো মুখৰ কথা?

সেয়ে তেওঁৰ সমৰ্থক সকলে কৈছে- ৰাইজৰ বাবে এনে এখন ফলক ঘৰৰ সন্মুখত আঁৰি ভাল কামেই কৰিছে বিধায়কগৰাকীয়ে। অন্ততঃ এই ফলকখন পঢ়ি তেওঁক সাক্ষাৎ কৰিবলৈ অহা সকলে সময়ৰ মহত্ব কিছু বুজিব পাৰিব।

উল্লেখ্য যে, কিছুদিন পূৰ্বে আমকাণ্ডক লৈ সামাজিক মাধ্যমত চৰ্চিত হৈছিল দিছপুৰৰ এইগৰাকী বিধায়ক। তেওঁৰ আৱাসৰ আমগছৰ পৰা আম চুৰি কৰি খোৱাৰ বাবে এদিনৰ বাবে থানাৰ আলহী হ’বলগীয়া হৈছিল এজন ব্যক্তি। অৱশ্যে পিছত বিধায়কগৰাকীয়েই তৎপৰতা দেখুৱাই মুকলি কৰি দিছিল ব্যক্তিজনক।

Related Articles

Back to top button