
নিউজ ডেস্ক। মোমো খাই কোনোবাই মৃত্যুবৰণ কৰিব পাৰেনে? হয়, হ’ব পাৰে।
ডিঙিত মোমো আবদ্ধ হৈ মৃত্যুক সাৱটি লয় এজন ৫০ বছৰীয়া লোকৰ।
এই সন্দৰ্ভত ফৰেনছিক ইমেজিং জাৰ্নেল, এইমছ নতুন দিল্লীয়ে প্ৰকাশ কৰিছে এক প্ৰতিবেদন।
প্ৰতিবেদনত কোৱা হৈছে যে খৰখেদাকৈ খাই থাকোঁতে ব্যক্তিজনৰ বতাহৰ নলীত আৱদ্ধ হৈ পৰিছিল মোমৰ এটা টুকুৰা।
ইয়াৰ বাবে শ্বাস-প্ৰশ্বাসৰ নলী শ্বাসৰুদ্ধ হৈ পৰে আৰু কম সময়তে তেওঁৰ মৃত্যু হয়।

এইমছেৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ফৰেনছিকৰ বাবে এই গোচৰটো গুৰুত্বপূৰ্ণ। আচলতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে মোমো বতাহৰ নলীত আবদ্ধ হৈ আছে।
ইয়াৰ বাবে ব্যক্তিজনৰ উশাহ-নিশাহ লোৱাত অসুবিধা হৈছিল আৰু তেওঁৰ মৃত্যু হৈছিল। খাদ্য গিলি থাকোঁতে সাৱধান হ’বলৈ চিকিৎসকে এই সন্দৰ্ভত স্বাস্থ্য সতৰ্কবাণী জাৰি কৰিছে।
পাটনাৰ পাটনা চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বিশেষজ্ঞ চিকিৎসা বিষয়া (ই এন টি) ডাঃ শ্বাহীন জাফৰে ব্যাখ্যা কৰিছে যে যিকোনো খাদ্য গিলাৰ পূৰ্বে সঠিকভাৱে চোবাই খাব লাগে।
ইয়াৰ বাবে খাদ্যৰ টুকুৰাটো বতাহৰ নলীত নাযাব। লগতে খাদ্য চোবাই খোৱাটো হজমৰ বাবে কিমান গুৰুত্বপূৰ্ণ সেয়া সকলোৱে জানে।
এইমছৰ নতুন দিল্লীৰ প্ৰাক্তন চিকিৎসক তথা ৰাঁচীৰ বাৰ্লিন ডায়েগনষ্টিক চেণ্টাৰৰ জেনেৰেল ফিজিচিয়ান ডাঃ ৰবি কান্ত চতুৰ্বেদীয়ে কয় যে এইমছৰ এই প্ৰতিবেদন গুৰুত্বপূৰ্ণ। মোমো খাওক বা মাংস খাওক, চোবাই খাওক। খাই থাকোতে কথা নাপাতিব। কথা পাতিলে মুখৰ পৰা ওলোৱা বতাহও শৰীৰৰ ভিতৰলৈ যায়। বতাহৰ নলীত খাদ্যৰ কণা সোমাব নোৱাৰাকৈ এপিগ্লটিছ ফ্লেপ থাকে। ই এটা শ্বাটাৰৰ দৰে যিটো সংবেদনশীল।
বহু সময়ত আমি খাই থাকোঁতে কথা পাতোতে খাদ্যৰ টুকুৰাবোৰ বতাহৰ নলীত সোমাই যায় আৰু হঠাতে আমি কাহিবলৈ ধৰো। কেতিয়াবা নাকৰ পৰা খাদ্যৰ টুকুৰা ওলাই আহে। যদি এই টুকুৰাবোৰ মগজুৰ ফালে যায়, তেন্তে মৃত্যু হ’ব পাৰে। যেনেকৈ এই ব্যক্তিজনৰ মৃত্যু হৈছিল মোমো খাই থাকোঁতে।
আৰ কে এল এফ মেট্ৰ’ হাস্পতাল শদীপুৰ নতুন দিল্লীৰ পালমোন’লজিষ্ট ডাঃ ৰাকেশ কুমাৰ যাদৱে কয় যে খাদ্যৰ পাইপ আৰু বতাহৰ নলী দুয়োটা অতি সুক্ষ্ম। এপিগ্লটিছ ফ্লেপে খাদ্য লেৰিংছ, ভয়েচ বক্স আৰু হাওঁফাওঁত প্ৰৱেশ কৰাত বাধা দিয়ে। খৰখেদাকৈ বা কথা পাতি থকাৰ সময়ত খাদ্য গিলিলে এপিগ্লটিছ ফ্লেপটো অস্বস্তিকৰ কৰি তোলে। তাত উপস্থিত থকা কাৰ্টিলেজতো আক্ৰান্ত হয়। ফ্লেপটোৱে ভালদৰে কাম নকৰে। খাদ্যৰ কণাবোৰো হাওঁফাওঁলৈ যাব পাৰে। এনে অৱস্থাত নিউমোনিয়াও হ’ব পাৰে।