নিউজ ডেস্কঃ মে’ মাহতে ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।
প্ৰশ্নকাকত ফাদিল বিতৰ্কক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে পৰীক্ষাৰ ফলাফল ঘোষণাক লৈ এই মন্তব্য কৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাই।
সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শৰ্মাই কয় যে পৰীক্ষাৰ ফলাফল মে’ মাহত ঘোষণা হ’লেও অনিবাৰ্য কাৰণত ৮-১০ দিন পলম হ’ব পাৰে।
আনহাতে পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰে পৰীক্ষা নিয়ন্ত্ৰকগৰাকীয়ে।
তেওঁ কয়, ”প্ৰশ্নকাকত ফাদিল কাণ্ড সংঘটিত হোৱাটো অতি দুৰ্ভাগ্যজনক। বৰ্তমানলৈকে এই গোচৰত জড়িত ছেবাৰ কোনো বিষয়াক গ্ৰেপ্তাৰ কৰা হোৱা নাই। দুৰ্ভাগ্যজনক ঘটনাৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আমি দিনে-নিশাই কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।’
উল্লেখ্য যে, ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ড পোহৰলৈ অহাৰ পিছতে পৰীক্ষাৰ দিন বাতিল কৰা হৈছিল।
ইয়াৰ পিছতে ১ এপ্ৰিলত মাতৃভাষাৰ পৰীক্ষা অনুষ্ঠিত হ’ব বুলি নিৰ্ধাৰণ কৰিছে ছেবাই।