মেডিকেল কলেজত তেজৰ দালালৰ দপদপনি! আৰক্ষীৰ জালত তিনি দালাল…

ৰাজ্যৰ মেডিকেল কলেজ সমূহত অব্যাহত আছে তেজৰ দালালৰ দপদপনি।

এইবাৰ বৰপেটা মেডিকেল কলেজত তেজৰ দালাল চক্ৰ উৎখাত।

বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ তিনি তেজৰ দালাল।

আটকাধীন তিনি তেজৰ দালাল ক্ৰমে- লুটফৰ ৰহমান, কেৰামত আলী আৰু হবিবৰ ৰহমান।

ৰোগীৰ আত্মীয়ৰ পৰা তেজ যোগানৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ তিনিজনৰ বিৰুদ্ধে।

অভয়াপুৰীৰ হৰেন বৰ্মনৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ তিনিও দালালক।