fbpx
অসমীয়াঅসম

মেট্ৰিক পৰীক্ষাত বিসংগতি! প্ৰশ্নকাকত ফাদিল আৰু নকলৰ পয়োভৰ ঘটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা বাতিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ…

নিউজ ডেস্কঃ যিমানেই এইবাৰ কটকটীয়া নিৰাপত্তাৰ মাজত অনুষ্ঠিত হৈছে মেট্ৰিক পৰীক্ষা, সিমানেই এইবাৰ সংঘটিত হৈছে বিসংগতিও।

ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাজতে অনেক পৰীক্ষা কেন্দ্ৰত নকলৰ পয়োভৰ কেমেৰাত ধৰা পৰিছে।

ক’ৰবাত যদি শাহুৱেকৰ হৈ বোৱাৰীয়েকে পৰীক্ষা দিবলৈ আহিছে, আন ক’ৰবাত আকৌ পৰীক্ষা কেন্দ্ৰৰ দেৱাল পাৰ হৈ পৰীক্ষাৰ্থীকি নকল যোগান ধৰিছে আত্মীয়, বন্ধুৱে।

ইয়াৰ মাজতে ফাদিল হৈছে পৰীক্ষাৰ প্ৰশ্নকাকত।

ৰাজ্যত অনুষ্ঠিত হৈ থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়ত সংঘটিত এনে বিসংগতিৰ মাজতে শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা গণিতৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ উদ্বেগ ব্যক্ত কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কাছাৰৰ পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে পৰীক্ষা বাতিল কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

কাছাৰ জিলাৰ গণিগ্ৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা কাৰ্যক লৈ গুৰুতৰ উদ্বেগ প্ৰকাশ কৰি পৰীক্ষা কেন্দ্ৰটোত পৰীক্ষা বাতিল কৰাৰ দিছে মুখ্যমন্ত্ৰীয়ে।

লগতে ভৱিষ্যতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক বিশেষ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।

তদুপৰি, প্ৰশ্নকাকত ফাদিল আৰু নকলৰ ঘটনা চৰ্চালৈ অহা সকলো কেন্দ্ৰতে পৰীক্ষা বাতিল কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই জানিবলৈ দিয়ে।

ইফালে শেহতীয়াকৈ গণিত বিষয়ৰ প্ৰশ্নকাকত ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে মুখ্যমন্ত্ৰী শৰ্মাই ছেবাৰ সেৱা সম্পাদক নৰনাৰায়ণ নাথক চমন কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!