fbpx
অসমীয়াঅসম

মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল! এতিয়ালৈকে ২২ জনক আটক…

নিউজ ডেস্কঃ মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এতিয়ালৈকে ৰাজ্যত আটক ২২ জনক।

টুইটযোগে এই তথ্য সদৰী কৰিছে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

প্ৰশ্নকাকত ফাদিলৰ অভিযোগত গুৱাহাটীত ৩ জনক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আটক কৰা হৈছে এজনক।

লখিমপুৰত আটক কৰা হৈছে ৫ জন ছাত্ৰক।

সেইদৰে ধেমাজিৰ পৰা আটক কৰা হৈছে এজন ছাত্ৰক।

আনহাতে ডিব্ৰুগড়ৰ পৰা ৫ জন, শদিয়া আৰু তিনিচুকীয়াৰো কেইবাজনো ছাত্ৰক আটক কৰা হৈছে।

উল্লেখ্য যে, চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে দেওবাৰে নিশা বাতিল কৰা হৈছিল পৰীক্ষা।

ইয়াৰ পিছতে এই প্ৰশ্নকাকত ফাদিল কাণ্ডৰ চিআইডি তদন্ত চলোৱা হৈছিল।

অহা ৩০ মাৰ্চত বিজ্ঞানৰ পৰীক্ষাৰ নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে।

Related Articles

Back to top button