fbpx
অসম

মেট্ৰিকত শোচনীয় প্ৰদৰ্শন কৰা ৰাজ্যৰ ১৩৮ খন চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱা জাননী…

ৰাজ্যত ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

সদ্যঘোষিত পৰীক্ষাৰ ফলাফলত এইবাৰৰ উত্তীৰ্ণৰ হাৰ ৫৬.৪৯ শতাংশ।

বহু চৰকাৰী বিদ্যালয়ৰ পৰীক্ষাৰ ফলাফল যথেষ্ঠ উন্নত যদিও ৰাজ্যৰ কিছু কিছু বিদ্যালয়ৰ ফলাফল একেবাৰে শোচনীয়।

যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ শিক্ষা বিভাগ।

শেহতীয়াভাৱে অতি শোচনীয় প্ৰদৰ্শন দেখুওৱা ৰাজ্যৰ ১৩৮ খন চৰকাৰী বিদ্যালয়লৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদে।

ইয়াৰে ৩০ খন চৰকাৰী বিদ্যালয়ৰ উত্তীৰ্ণৰ শতকৰা হাৰ শূন্য শতাংশ আৰু বাকী ১০৮ খন বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ ১০ শতাংশতকৈও কম।

এই বিদ্যালয় সমূহৰ প্ৰধান শিক্ষক তথা অধ্যক্ষসকললৈ পত্ৰ প্ৰেৰণ কৰি ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ কোৱা হৈছে। লগতে বিভাগৰ ফালৰ পৰা বিদ্যালয়সমূহক ৯ জুনৰ পৰা এসপ্তাহৰ সময়সীমা বান্ধি দিছে।

জানিব পৰা মতে, শেহতীয়া ফলাফলত অত্যন্ত শোচনীয় প্ৰদৰ্শন কৰা বিদ্যালয় সমূহৰ ভিতৰত আছে কাছাৰ জিলাৰ ১৪ খন বিদ্যালয়, কাৰ্বি আংলং জিলাৰ ১১ খন, গোৱালপাৰা জিলাৰ ৯ খন, যোৰহাট আৰু নগাঁও জিলাত আঠখনকৈ আৰু কামৰূপ মহানগৰ জিলাত ৬খন বিদ্যালয়।

আনহাতে ডিব্ৰুগড় আৰু কৰিমগঞ্জ জিলাত পাঁচখনকৈ, ধুবুৰী আৰু পশ্চিম কাৰ্বি আংলং জিলাত চৰিখনকৈ আৰু বৰপেটা আৰু দক্ষিণ শালমাৰা জিলাত তিনিখনকৈ বিদ্যালয়।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!