
নিউজ ডেস্কঃ প্ৰত্যেক বছৰেই ঘোষণা হয় হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল। বহু শিক্ষাৰ্থীয়ে এই পৰীক্ষাত শীৰ্ষ ১০ৰ ভিতৰত স্থান লাভ কৰি বাতৰিৰ শিৰোনাম দখল কৰে। কিন্তু সময়ৰ সোঁতত লাহে লাহে হেৰায় যায় এনে বহু শিক্ষাৰ্থী।
হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান লাভ কৰা শিক্ষাৰ্থীয়ে শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম নহয় উচ্চতৰ মাধ্যমিক বা তাৰ পৰৱৰ্তী পৰীক্ষা সমূহত। যাৰ বাবে এনে বহু শিক্ষাৰ্থীৰ কথা সময়ত মানুহে পাহৰি পেলায়।
কিন্তু দৰঙৰ ধৃতিৰাজৰ কথা মানুহে পাহৰিবলৈ সক্ষম নহ’ল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান লাভ কৰা দৰঙৰ ধৃতিৰাজ বাস্তৱ কলিতাৰ ঘৰত পুনৰ এবাৰ সৃষ্টি হৈছে উখল মাখল পৰিৱেশৰ। বিদ্বৎ মহল, সাংবাদিকৰে ভৰি পৰিছে ধৃতিৰাজৰ ঘৰৰ চোতাল।

আজি ঘোষণা হোৱা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাত পুনৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে ধৃতিৰাজ বাস্তৱ কলিতাই। দৰঙৰ দেওমৰনৈ এইছ এছ স্কুলৰ পৰা পৰীক্ষাত অৱতীৰ্ণ হৈ মুঠ ৪৯১ নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে শীৰ্ষস্থান দখল কৰে ধৃতিৰাজে।
উল্লেখ্য যে, ২০২২ বৰ্ষত ধৃতিৰাজে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। সেইবাৰো মেধাৱী ছাত্ৰজনে শীৰ্ষস্থান লাভ কৰি সৰ্বত্ৰে চৰ্চিত হৈ পৰিছিল।

পৰীক্ষাত কেৱল স্থান লাভ কৰাৰ বাবেই পঢ়িব নালাগে, বৰং জ্ঞান আহৰণৰ বাবে পঢ়িব লাগে বুলি বিশ্বাস কৰা ধৃতিৰাজ বাস্তৱ কলিতাৰ সফলতাক লৈ পুনৰ এবাৰ আজি গৌৰৱাম্বিত হৈ পৰিছে তেওঁৰ পিতৃ-মাতৃ তথা সমগ্ৰ অঞ্চল।
ভৱিষ্যতে আইআইটিৰ এগৰাকী অধ্যাপক হোৱাৰ সপোন দেখা ধৃতিৰাজে পৰৱৰ্তী সময়ত বিএছচি, তাৰ পিছত এমএছচি আৰু সুযোগ পালে বাহিৰত পিএছডি কৰাৰ আশা পুহি ৰাখিছে।

অধ্যয়নৰ লগে লগে গীত গাই ভালপোৱা ধৃতিৰাজে কয়, ‘মই কেতিয়াও প্ৰথম স্থান লাভ কৰিম বুলি পঢ়া নাছিলো। এই শিক্ষা যাতে ভৱিষ্যতৰ বাবেও মোৰ বাবে সহায়ক হয় তাৰ বাবে ভালদৰে পঢ়িছিলো। বাকী ফলাফল ইশ্বৰৰ হাতত এৰি দিছিলো।’
প্ৰকৃতাৰ্থত এগৰাকী ভাল মানুহ হ’ব বিচৰা ধৃতিৰাজে তেওঁৰ সফলতাৰ বাবে শিক্ষাগুৰু, পিতৃ-মাতৃ আৰু সমূহ ৰাইজক ধন্যবাদ জনায়।