fbpx
অসমীয়াৰাষ্ট্ৰীয়

মেট্রিম’নিয়েল এপেৰে সুখৰ সংসাৰ গঢ়িবলৈ গৈ অঘটন! অসমৰ ‘লেডী ডন’ক বিয়া পাতি বিপদত গুজৰাটৰ যুৱক

নিউজ ডেস্কঃ বিবাহৰ বাবে পাত্ৰীৰ সন্ধান বিচাৰি মেট্ৰিম’নিয়েল চাইটত চকু ফুৰাওতেই প্ৰথম অসমৰ ৰীতা দাসৰ সৈতে পৰিচয় ঘটিছিল গুজৰাটৰ নিৱাসী বিমল কাৰিয়াৰ।

প্ৰফাইলত বিবাহ বিচ্ছেদিত বুলি উল্লেখ থকা, দেখাত সংস্কৃতিবান পৰিয়ালৰ যেন লগা ৰীতা দাসৰ সৈতে ঘটা সেই চিনাকিয়ে বিমল কাৰিয়াৰ বুকুৰ কোনো এটা চুকত জগাই তুলিছিল ভালপোৱাৰ।

তাৰ পিছত আৰু ৰোৱাৰ কোনো প্ৰয়োজনেই যেন নাছিল। শীঘ্ৰেই দুয়োজনে বিবাহৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে অসমৰ পৰা আহমেদাবাদত উপস্থিত হয় ৰীতা দাস।

তাতেই আইনী প্ৰক্ৰিয়াৰে সম্পন্ন হয় বিমল আৰু ৰীতাৰ বিয়াখন। বিয়াৰ পিছত দুয়োজনে একেলগে মাউণ্ট আবুলৈ ফুৰিবলৈও যায়।

কিন্তু বিয়াৰ বহুদিন পিছতহে পত্নীৰ প্ৰকৃত পৰিচয় জানিব পাৰি এতিয়া মূৰে কপালে হাত দিছে বিমল কাৰিয়াই।

এতিয়া ৰীতাৰ সৈতে সম্পন্ন কৰা বিয়াখন বাতিল কৰিব বিচাৰি আদালতৰ দাৰস্থও হৈছে বিমল কাৰিয়া।

দৰাচলতে ৰীতা দাস হৈছে সেইগৰাকী মহিলা, যাক অসমত ‘লেডী ডন’ বুলিও জনা যায়।

চুৰি, ডকাইতি, প্ৰৱঞ্চনা, হত্যা, চোৰাং চিকাৰৰ দৰে অপৰাধত নাম সাঙোৰ খাই থকা ৰীতা দাসৰ প্ৰকৃত পৰিচয় জনাৰ পিছতে মূৰে-কপালে হাত দিছে বিমল কাৰিয়াই।

ঘটনাৰ বিৱৰণী অনুসৰি, কিছুদিন পূৰ্বে ৰীতালৈ অহা এটা ফোনত দীৰ্ঘসময় ৰীতাই কথা পাতিছিল।

ফোনটো ৰখাৰ পিছত বিমলে সেই বিষয়ে জানিব বিচৰাত ৰীতাই কয় যে অসমত তেওঁলোকৰ পৰিয়ালৰ কোনো মাটি সংক্ৰান্তিয় বিবাহ ঘটিছে আৰু সেয়া নিষ্পত্তি কৰিবলৈ মাকে তেওঁক অসমলৈ মাতি পঠিয়াইছে।

এই কথা শুনি বিমল কাৰিয়াই ৰীতাক অসমলৈ অহাৰ টিকট কাটি দিয়াৰ লগতে ৫০ হাজাৰ টকা জমা থকা বেংকৰ এখন এটিএম আৰু এটা মোবাইল ফোন দি ৰীতাক অসমলৈ পঠিয়ায় দিয়ে।

কিন্তু অসমলৈ অহাৰ পিছতে বিমল কাৰিয়াৰ ওচৰলৈ আৰু উভতি নগ’ল ৰীতা দাস।

বৰং কিছুদিন পিছতে বিমল কাৰিয়াই ৰীতাৰ নামত এখন আইনী নথি লাভ কৰে। য’ত ৰীতাৰ উপাধি দাসৰ পৰিৱৰ্তে চৌহান বুলিহে লিখা আছিল।

ইয়াৰ পিছতে বিমল কাৰিয়াই পত্নীৰ বিষয়ে অনুসন্ধান আৰম্ভ কৰাত লাভ কৰে বহু বিস্ফোৰক তথ্য।

হত্যা, প্ৰৱঞ্চনা, ডকাইতি আদিৰ দৰে গুৰুতৰ অপৰাধত নাম সাঙোৰ খাই থকা ৰীতা দাসৰ প্ৰাক্তন স্বামী আৰু কুখ্যাত গাড়ী চোৰ অনিল চৌহান।

২০১৫ চনত সেইজন কুখ্যাত গাড়ী চোৰৰ পৰাই চুৰি বিএমডব্লিউ ক্ৰয় কৰি জে’ললৈ যাবলগীয়া হৈছিল প্ৰাক্তন বিধায়িকা ডা০ ৰুমী নাথ।

স্বামী অনিল চৌহানৰ সেই অপৰাধৰ সংগী আছিল ৰীতাও। যাৰ বাবে তেওঁৰো নাম গাড়ী চুৰিৰ গোচৰত সাঙোৰ খাই পৰিছিল। আনকি গ্ৰেপ্তাৰো কৰা হৈছিল ৰীতা চৌহানক।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ থানাত একাধিক গোচৰ ৰুজু হৈ থকা এইগৰাকী লেডী ডন খ্যাত ৰীতাৰ বিৰুদ্ধে জাৰি কৰা হৈ আছে আদালতৰ জামিনবিহীন গ্ৰেপ্তাৰী পৰোৱানা।

পত্নী ৰীতাৰ এনে প্ৰকৃত চৰিত্ৰ জানিব পৰাৰ পিছতে এতিয়া পোৰবন্দৰ আৰক্ষী অধীক্ষকৰ ওচৰত এক অভিযোগ দাখিল কৰিছে বিমল কাৰিয়াই।

সমান্তৰালভাৱে ৰীতাৰ সৈতে তেওঁৰ বিবাহ বাতিলৰ হকে আদালতৰো দাৰস্থ হোৱা বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button