fbpx
অসম

মেঘালয়ত পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ ডি বিশ্বই…

নিউজ ডেস্ক। দেশ জোকাৰি যোৱা এক শোকাৱহ পথ দুৰ্ঘটনা।

মেঘালয়ত পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ দীনদয়ালন বিশ্বই।

Image

শ্বিলঙৰ ৮৩ সংখ্যক সৰ্বভাৰতীয় টেবুল টেনিছত অংশগ্ৰহণৰ বাবে চেন্নাইৰ পৰা আহিছিল ডি বিশ্ব নামৰ ১৮ বছৰীয়া ভাৰতীয় জুনিয়ৰ এক নম্বৰ স্থানৰ খেলুৱৈগৰাকী।

কিন্তু গুৱাহাটীৰ পৰা শ্বিলং গৈ থকাৰ সময়তে এক দুৰ্ঘটনাত পতিত হয় তামিলনাডুৰ ডি বিশ্বই বাহনখন।

মেঘালয়ৰ ৰিভয় জিলাৰ ছাংবাঙলাত পথ দুৰ্ঘটনাত মৃত্যু হয় ডি বিশ্ব নামৰ প্ৰতিভাৱান খেলুৱৈ গৰাকীয়ে।

gfQDJknB?format=jpg&name=small

দেশৰ আগশাৰীৰ টেবুল টেনিছ খেলুৱৈ তথা ভাৰতীয় জুনিয়ৰ চেম্পিয়ন পেডলাৰ আছিল তামিলনাডুৰ ডি বিশ্ব। 

ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল দেশৰ এক নম্বৰ স্থানৰ প্ৰতিভাৱান পেডলাৰ গৰাকীয়ে।

ৰিভয় জিলাৰ ছাংবাঙলাৰ পথত বিপৰীত দিশৰ পৰা অহা নিয়ন্ত্ৰনহীন ১২ চকীয়া ট্ৰাকে মহতিয়াই লৈ যায় বিশ্ব থকা চাৰিচকীয়া গাড়ীখনক। দুৰ্ঘটনাটোৰ ফলত আন ৩জন গুৰুতৰভাৱে আহত হৈছে।

খেল খেলিবলৈ আহি মৃত্যু হোৱা বিশ্বৰ মৃতদেহ সোমবাৰে চমজি লব পৰিয়ালৰ লোকে।

ডি বিশ্বৰ মৃত্যুত দেশজুৰি পৰিছে শোকৰ ছাঁ।

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে টুইট কৰি খেলুৱৈগৰাকীৰ এনে অকাল মৃত্যুত গভীৰ শােক প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Back to top button