মেঘালয়ত উদ্ধাৰ সন্ধানহীন হৈ থকা সন্দীপ ভূঞাৰ মৃতদেহ, আটক বহি:ৰাজ্যৰ প্ৰেমিকা…

মেঘালয়ত উদ্ধাৰ সন্ধানহীন হৈ থকা সন্দীপ ভূঞাৰ মৃতদেহ।
গুৱাহাটী মহানগৰৰ পৰা সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ মেঘালয়ত উদ্ধাৰৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
বুধবাৰে মেঘালয়ৰ নংপোত উদ্ধাৰ মাজুলীৰ গোপালপুৰৰ যুৱক সন্দীপ ভূঞাৰ মৃতদেহ।

মহানগৰীৰ সৰুমটৰীয়াত ভাড়াতীয়া কৈ আছিল সন্দীপ।
জানিব পৰা মতে ২০ নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল উলুবাৰীৰ বাজাজ ফাইনেঞ্চৰ কৰ্মচাৰী আছিল সন্দীপ ভূঞা।
নিৰুদ্দেশ হোৱাৰ পিছতে সন্দীপৰ আত্মীয়ই পল্টনবজাৰ থানাত সন্ধানহীন হোৱাৰ গোচৰ ৰুজু কৰিছিল।
মৃতদেহ উদ্ধাৰৰ পিছতে পল্টন বজাৰ থানাত সোধ পোছৰ বাবে মাতি অনা হৈছে কেইবাজনো ব্যক্তিক।

ঘটনা সন্দৰ্ভত মেঘালয় আৰক্ষীৰ সহযোগত গুৱাহাটী আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। নংপো আৰক্ষী থানাত ১৬০/২০২১ IPC ৩০২ ধাৰাত ৰুজু হৈছে গোচৰ।
২০ নবেম্বৰৰ দিনা যুৱকজনে এজন ব্যক্তিৰ পৰা EMI লৈছিল। যুৱকজন যথেষ্ট মানসিক চাপত থকা বুলিও জানিব দিয়ে EMI দিয়া ব্যক্তি জনে।
ইতিমধ্যে সন্দীপ ভূঞাৰ বহিঃৰাজ্যৰ প্রেমিকাক আটক কৰিছে মহানগৰ আৰক্ষীয়ে।
লগতে চাওকঃ