Tue. Nov 24th, 2020

নিউজ ডেস্ক। পুনৰ ইনাৰলাইন পাৰ্মিটৰ দাবীত সৰৱ হৈ উঠিছে অসমৰ প্ৰতিবেশী ৰাজ্যৰ মেঘালয়ৰ ছাত্ৰ সংগঠন তথা একাধিক এনজিঅ’।

ৰাজ্যখনৰ ৰাজধানী শ্বিলঙত এই দাবীত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে খাছি ছাত্ৰ সন্থাকে ধৰি এই এনজিঅ’ৰ সদস্যসকলে।

জানিব পৰা মতে, খাছি ছাত্ৰ সন্থাই কেন্দ্ৰীয় চৰকাৰৰ ওচৰত হেঁচা প্ৰয়োগ কৰাৰ লক্ষ্যৰে পুনৰ আন্দোলন তীব্ৰতৰ কৰি তােলাৰ পৰিকল্পনা কৰিছে।

ৰাজ্যখনলৈ অনুপ্ৰৱেশ ৰোধ কৰা আৰু মেঘালয়ৰ স্থানীয় লোকৰ সুৰক্ষাৰ স্বাৰ্থত ইনাৰলাইন পাৰ্মিটৰ দাবী জনাই আহিছে সংগঠনটোৱে।

ইয়াৰ বাবে ধাৰাবাহিক আন্দােলনৰ কাৰ্যসূচী ঘােষণা কৰিছে।

অলপতে উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়ত (নেহু) অনুষ্ঠিত মেঘালয় সামাজিক সংগঠনসমূহৰ যৌথ সভাত অহা ২৭ নৱেম্বৰত ৰাজ্যখনৰ জিলাৰ প্ৰধান কেন্দ্ৰত ক’লা বেজ পৰিধান কৰি আন্দোলনৰ সিদ্ধান্ত লোৱা হয়।

সেইদৰে ৪ ডিচেম্বৰত অৱস্থান ধৰ্মঘট কৰিব বুলিও প্ৰকাশ কৰা হৈছে।

খাছি ছাত্ৰ সন্থাৰ উপৰি এই প্ৰতিবাদী কাৰ্যসূচীত FKJGP, HNYF, RBYF, ADE, AYWO আৰু GSU ৰ সদস্য সকলেও অংশগ্ৰহণ কৰে।

খাছি ভাষাতে ইনাৰ লাইন পাৰ্মিট ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীৰে হাতত প্লে-কাৰ্ড প্ৰদৰ্শন কৰে প্ৰতিবাদকাৰীসকলে।

লগতে খাছি ভাষাক সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত কৰাৰাে দাবী উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে।