fbpx
মেঘালয়অসমীয়া

মেঘালয়ঃ হঠাতে খহি পৰিল নিৰ্মীয়মান নতুন বিধানসভা ভৱনৰ গম্বুজসহ চৌহদৰ বৃহৎ অংশ

নিউজ ডেস্ক। প্ৰতিবেশী ৰাজ্য মেঘালয়ৰ নিৰ্মীয়মান নতুন বিধানসভা চৌহদত অঘটন।

পুৱতি নিশা হঠাতে খহি পৰিল বিধানসভা চৌহদৰ বৃহৎ আকৃতিত গম্বুজসহ অট্টালিকাৰ অংশ। অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত হতাহত হােৱা নাই কােনাে লােক।

এই ঘটনাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

22 05 22 Meghalaya Dome that collapse construction new Assembly 1
UB PHOTOS

জানিব পৰা মতে, নতুন বিধানসভা ভৱনটো নিউ শ্বিলং টাউনশ্বিপৰ মাওডিয়াংডিয়াঙত ৮০ একৰ ভূমিত নিৰ্মাণ কৰি থকা হৈছে।

এই নিৰ্মাণ কাৰ্যৰ ঠিকা লাভ কৰিছে উত্তৰ প্ৰদেশ চৰকাৰৰ অধীনস্থ উত্তৰ প্ৰদেশ ৰাজকীয়া নিৰ্মাণ নিগম লিমিটেড।

২੦১৯ ইং চনৰ পৰাই এই নতুন বিধানসভা ভৱনৰ কাম চলি আছে।

22 05 22 Meghalaya Dome that collapse construction new Assembly 4
UB PHOTOS

সৰ্বমুঠ ১২৭ কোটি টকাৰ এই প্ৰকল্পটো অহা ছেপ্টেম্বৰ মাহত সম্পূৰ্ণ হােৱাৰ কথা আছিল যদিও এই ঘটনাৰ পিছত এই ভৱনৰ নিৰ্মাণ নিৰ্ধাৰিত সময়মতে সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা ক্ষীণ হৈ পৰিছে।

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰয়া প্ৰকাশ কৰি ৰাজ্যখনৰ গড়কাপ্টানি (বিল্ডিং) বিভাগৰ কাৰ্যবাহী অভিযন্তা ৰেনছম চুটঙ্গাই কয় যে গম্বুজৰ আকৃতি ভৱনৰ আন্তঃগাঁথনিৰ তুলনাত অত্যধিক গধুৰ আছিল, যাৰ বাবে এই ঘটনা সংঘটিত হয়।

তেওঁ লগতে কয় যে এই দুৰ্ঘটনাৰ বাবে নতুন বিধানসভা চৌহদৰ কাম সম্পূৰ্ণ হওঁতে আৰু অধিক সময়ৰ প্ৰয়ােজন হ’ব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!