মেঘালয়
মেঘালয় কংগ্ৰেছত আন এক খহনীয়া, কংগ্ৰেছ ত্যাগ পূব শ্বিলং সমষ্টিৰ বিধায়িকা ড০ এম এ লিংড’ৰ

মেঘালয়ৰ কংগ্ৰেছত আন এক খহনীয়া।
কংগ্ৰেছ ত্যাগ পূব শ্বিলং সমষ্টিৰ বিধায়িকা ড০ এম এ লিংড’ৰ।
AICCৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ লিংড’ৰ।

ই-মেইলযোগে AICCৰ অধ্যক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ লিংডৰ।
উল্লেখ্য যে, লিংড’ ৰাজ্যখনৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতাও আছিল।
জানিব পৰা মতে, আজি আবেলি শ্বিলঙৰ ফায়াৰ ব্ৰিগেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া এক ৰাজহুৱা অনুষ্ঠানত শাসনাধিষ্ঠিত নেচনেল পিপলছ পাৰ্টি (এনপিপি)ত যোগদান কৰিব লিংড’ৱে।
ইয়াৰ পূৰ্বে কংগ্ৰেছ দলৰ পৰা নিলম্বিত হোৱা পশ্চিম শ্বিলঙৰ বিধায়ক মহেন্দ্ৰো ৰাপচাঙেও আম্পাৰেন লিংড’ৰ সৈতে একেখন অনুষ্ঠানতে এনপিপিত যোগদান কৰাৰ সম্ভাৱনা আছে।