
নিউজ ডেস্কঃ মৃত পিতৃৰ নামত নকল নথিৰে বেংকৰ পৰা লাখ লাখ টকাৰ ঋণ লৈ আত্মগোপন কৰা এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ তদন্তকাৰী সংস্থাই।
জানিব পৰা মতে, ডিব্ৰুগড়ৰ নালিয়াপুল চুলতান পথৰ মহম্মদ আব্দুল সমীৰ (৪৭) নামৰ লোকজনৰ পিতৃৰ মৃত্যু ঘটিছিল ২০০৬ চনতে। কিন্তু পিতৃৰ মৃত্যুৰ পিছতে ২০০৮ৰ ১৫ এপ্ৰিলত আব্দুল সমীৰে পিতৃৰ ভুৱা নথি আৰু নকল মাটিৰ পট্টাৰে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ ডিব্ৰুগড় থানা চাৰিআলি শাখাৰ পৰা ৩ লাখ ৩ হাজাৰ টকাৰ ঋণ।
আনহাতে প্ৰৱঞ্চকজনে একেটা বেংকৰে ডিকম শাখাৰ পৰাও নকল নথিৰ সহায়ত ২০১৪ৰ ১৬ জুনত ৭ লাখ ২৫ হাজাৰ টকাৰ ঋণ লাভ কৰিবলৈ সক্ষম হয়।

প্ৰৱঞ্চকজনৰ এই ঋণ কেলেংকাৰীৰ বিষয়ে জানিব পাৰি বিগত বৰ্ষৰ ২৩ জুনত বেংকটোৰ যোৰহাট সংমণ্ডলৰ মহাপ্ৰবন্ধকে বিআইইঅ’ত এখন এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে ভাৰতীয় দণ্ড বিধিৰ ১২০ (বি)/ 420/ 406/৪০৯/৪৬৮/৪৭১ ধাৰাত ০৯/২০২১ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে যদিও সেই সময়ত পলাতক হৈ আছিল প্ৰৱঞ্চক আব্দুল সমীৰ।
কিন্তু শেহতীয়াকৈ অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ তদন্ত সংস্থাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে প্ৰৱঞ্চকজনক। বিআইইঅ’ৰ কাৰ্যালয়ত আৰক্ষী অধীক্ষক ৰূপ কিশোৰ সন্দিকৈয়ে এক সংবাদ মেল সম্বোধন কৰি জানিবলৈ দিয়া মতে, ঋণ কেলেংকাৰীৰ তদন্তৰ সময়ত ছৌদি আৰৱত আত্মগোপন কৰি আছিল প্ৰৱঞ্চক আব্দুল সমীৰে। কিন্তু শেহতীয়াকৈ তেওঁ অসমলৈ উভতি অহাৰ পিছতে আৰক্ষীৰ জালত পৰে।

ইফালে নথি পৰীক্ষা নকৰাকৈয়ে একেটা বেংকৰ পৰা দুটাকৈ ঋণ প্ৰদান কৰাক লৈ বেংক কৰ্তৃপক্ষৰ গাফিলতিও পোহৰলৈ আহিছে। এই ঋণ কেলেংকাৰীত নাম সাঙোৰ খাই পৰা ডিকম শাখাৰ পৰিচালক গোবিন বৰাই ইতিমধ্যে গ্রেপ্তাৰৰ ভয়তে আদালতৰ পৰা অগ্রিম জামিন লাভ কৰিছে।
উল্লেখ্য যে, প্ৰৱঞ্চক আব্দুল সমীৰে দুয়োটা ঋণৰ পৰিমান বেংকক ঘূৰাই দিয়া বুলি দাবী কৰিলেই এই সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে। যাৰ বাবে যদি আব্দুল সমীৰে এই ঋণ ঘূৰাই দিছে, তেন্তে সেয়া বেংকৰ বিষয়া-কৰ্মচাৰীয়ে আত্মসাৎ কৰিছে নেকি সেই সন্দৰ্ভতো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।