অসম

মৃত্যুৰ ভুৱা প্রমাণ পত্ৰৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ, জব্দ লেপটপ, প্ৰিণ্টাৰ…

মৃত্যুৰ ভুৱা প্রমাণ পত্ৰৰ ৰমৰমীয়া ব্যৱসায় চলাই অহা দুই প্ৰৱঞ্চকক গ্ৰেপ্তাৰ।

মাটিয়া আৰক্ষীৰ জালত পৰিছে গ্ৰাহক সেৱা কেন্দ্ৰৰ দুজন প্ৰৱঞ্চক।

জানিব পৰা মতে, গোৱালপাৰা জিলাৰ বুচৰ গাঁৱৰ মজবুল হক নামৰ লোক এজনে ভুৱা প্ৰমাণ পত্ৰৰ ব্যৱসায় চলোৱা সম্পর্কে এখন এজাহাৰ দাখিল কৰে।

হকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দ ও বিধিৰ 820/806/86৮/৪৭১ ধাৰাত 120/22 নং এটা গোচৰ পঞ্জীয়ন কৰি পশ্চিম মাটিয়াৰ হাফিজুল ৰহমান (২৬) আৰু মৰনৈ থানাৰ অন্তৰ্গত নেপালীখুঁটিৰ বিল্লাল হুছেইনক (২৭) গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে হাফিজুলে মাটিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত আৰু বিল্লালে নেপালীখুঁটি বজাৰত গ্ৰাহক সেৱা কেন্দ্ৰ স্থাপন কৰি ভুৱা প্রমাণ-পত্ৰৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল।

ইপিনে, অভিযানৰ সময়ত আৰক্ষীয়ে গ্রাহক সেৱা কেন্দ্ৰ দুটাৰ লেপটপ, স্কেনাৰ, প্ৰিণ্টাৰ আৰু ম’বাইল ফোন জব্দ কৰে।

লগতে প্ৰৱঞ্চক দুজনে প্ৰস্তুত কৰা তিনিখন মৃত্যুৰ ভউৱা প্ৰমাণ-পত্ৰও জব্দ কৰিবলৈ সক্ষম হয়।

Related Articles

Back to top button