মৃত্যুৰ পূৰ্বে ক’ৰােনা ৰােগীৰ ভয়াৱহ অভিজ্ঞতাৰ কথা ব্যক্ত সমাজকৰ্মীৰ, ভিডিঅ’ ভাইৰেল

April 17, 2021 0 By NEWS DESK

তলাবন্ধত দৰিদ্ৰৰ কাষত থিয় দিয়া ৰুটি বেংকৰ প্ৰতিষ্ঠাপক কিশোৰী কান্ত তিৱাৰীৰ ক’ৰােনাত মৃত্যু

নিউজ ডেস্ক। দেশৰ বিভিন্ন ৰাজ্যত জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড-১৯ ভাইৰাছৰ সংক্ৰমণে।

কৰােনাৰ দ্বিতীয়টাে ঢৌত জটিল পৰিস্থিতি বিৰাজ কৰিছে উত্তৰ প্ৰদেশতাে।

ৰাজ্যখনৰ চহৰাঞ্চলৰ চিকিৎসালয়ত বিৰাজ কৰিছে অভাৱনীয় পৰিস্থিতি। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে শ্মশানত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবেও শাৰী পাতিছে ৰিয়ালৰ লােকে।

ইপিনে, দৰিদ্ৰ আৰু অসহায় লোকসকলক সহায় কৰিবলৈ ২০১৭ চনত অল ইণ্ডিয়া ৰুটি বেংক প্ৰতিষ্ঠা কৰা আৰু দৰিদ্ৰ শ্ৰমিকসকলৰ মাজত ‘ৰুটি ৱালে ভাইয়া’ হিচাপে পৰিচিত কিশোৰ কান্ত তিৱাৰীৰ বৃহস্পতিবাৰে কৰোনা আক্ৰান্ত হৈ মৃত্যু হয়।

তীব্ৰ জ্বৰত ভুগি থকাৰ পাছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

উল্লেখ্য যে কিছুদিন পূৰ্বে ফেচবুক লাইভত তেওঁ সকলােকে ক’ভিড-১৯ৰ পৰা সতৰ্ক হ’বলৈ মুকলি আহ্বান জনাইছিল। এই লাইভ ভিডিঅ’ত তেওঁ ক’ৰােনা ৰােগীয়ে সন্মুখীন হােৱা বিভিন্ন অভিজ্ঞতাৰ কথাও মুকলিকৈ প্ৰকাশ কৰে।

ভিডিঅ’টােত তেওঁ কয় ”জনসংখ্যা নিয়ন্ত্ৰণ অভিযান চলিছে। সকলােৱে নিজৰ জীৱন সুৰক্ষা নিজেই সুনিশ্চিত কৰক। আমি পূৰ্বৰ অভিজ্ঞতাৰ পৰা কােনাে শিক্ষা লােৱা নাই। আপুনি ক’ৰােনাক সহজভাৱে লৈ নিজৰ লগতে পৰিয়ালৰ লােকক বিপদত নেপেলাব। ভাৰত বৰ্ষত ক’ৰােনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভালদৰে পৰীক্ষা কৰিলে ভাৰতত ক’ভিড-১৯ৰ ৰােগীৰ সংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক হ’ব। মই টায়ফাইডত আক্ৰান্ত, মই জ্বৰত আক্ৰান্ত।”

তেওঁ কয় ”বাৰাণসীত ক’ৰােনাই ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভয়ংকৰ বিপদত পৰিছে ক’ৰােনা ৰােগী। মই যি পৰিস্থিতিৰ সন্মুখীন হৈছােঁ, যিমান কষ্ট অনুভৱ কৰিছােঁ, ভগৱানৰ ওচৰত কাতৰ প্ৰাৰ্থনা কৰিছােঁ যাতে আন কােনাে লােকে এনে পৰিস্থিতিৰ সন্মুখীন নহয়। মই সােৱাদ ল’ব পৰা নাই, মােৰ ডিঙি শুকাই গৈছে, মই খােজ কাঢ়িব নােৱাৰােঁ।”

তেওঁৰ মৃত্যুৰ বাতৰিয়ে তেওঁৰ ঘনিষ্ঠসকলৰ লগতে শুভাকাঙ্খীসকলৰ মাজত তীব্ৰ শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে কিশোৰ কান্ত তিৱাৰী বিহাৰৰ চাচাৰামৰ বাসিন্দা আছিল আৰু ২০১২ চনত শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসাৰ কাৰণে প্ৰথমবাৰৰ বাবে বাৰাণসীলৈ আহিছিল।

তাৰ পাছত তেওঁ চিকিৎসাৰ সময়ত বাৰাণসীতে বাস কৰিছিল আৰু মহেশনগৰত শিশুসকলক কােচিং প্ৰদান কৰিছিল।

এজন ব্যক্তিক জাপৰৰ দ’মৰ পৰা খাদ্য সামগ্ৰী উঠাই ভক্ষণ কৰা প্ৰত্যক্ষ কৰি তেওঁ অল ইণ্ডিয়া ৰুটি বেংক প্ৰতিষ্ঠা কৰিছিল।

এই বেঙ্কৰ জৰিয়তে লকডাউনৰ সময়ত লাখ লাখ দৰিদ্ৰ লোকক বিনামূলীয়াকৈ খাদ্য যােগান ধৰিছিল।

লগতে চাওকঃ

ক’ভিড যােদ্ধা! নিজ-নিজ মাতৃৰ শেষকৃত্য সম্পন্ন কৰিয়েই পুনৰ কৰ্তব্যত যোগদান দুই চিকিৎসকৰ

ক’ভিড-১৯ত আক্ৰান্ত হ’ল ‘দুখীয়াৰ ভগৱান’!

মােক ন্যায় লাগে! প্ৰেম বিবাহৰ দাবীত ‘প্ৰেয়সী’ৰ ঘৰৰ সন্মুখত ধৰ্ণাত বহিল ‘প্ৰেমিক’, তাৰ পাছত…