মৃত্যুৰ পিছতো আনক জীৱন দি গ’ল ১৮ মহীয়া মাহিৰাই…

নিউজ ডেস্কঃ মৃত্যুৰ পিছতো আনক জীৱন দি গ’ল এটি ১৮ মহীয়া কণমানিয়ে!

বেলকনিত খেলি থকা সময়ত হঠাৎ বাগৰি পৰি আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰা ১৮ মহীয়া কণমানি মাহিৰাই অংগ দানেৰে জীৱন ৰক্ষা কৰিলে দুটিকৈ শিশুৰ।

উল্লেখ্য যে, হাৰিয়ানাৰ নুহৰ নিৱাসী মাহিৰাই ৬ নৱেম্বৰৰ সন্ধিয়া ঘৰৰ বেলকনিত খেলি থকা অৱস্থাত হঠাৎ বাগৰি পৰিছিল।

এই ঘটনাত গুৰুতৰভাৱে আহত কণমানি শিশুটিক পৰিয়ালৰ লোকে দিল্লীৰ এইমছ ট্ৰমা চেণ্টাৰলৈ লৈ যায় যদিও চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে ১১ নৱেম্বৰত মাহিৰাক ব্ৰেইন ডেড ঘোষণা কৰে চিকিৎসকে।

কন্যাৰ মৃত্যুত ভাগি পৰা পিতৃ-মাতৃয়ে পিছত মাহিৰাৰ অংগ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

ইয়াৰ পিছতে আই এল বি এছ হাস্পতালত জীৱন-মৃত্যুৰ বাবে যুঁজি থকা এটি ছয় বছৰীয়া শিশুৰ শৰীৰত মাহিৰাৰ লিভাৰ ট্ৰান্সপ্লাণ্ট কৰা হয়।

mahira
মৃত্যুৰ পিছতো আনক জীৱন দি গ’ল ১৮ মহীয়া মাহিৰাই… 2

একে সময়তে এইমছত চিকিৎসাধীন হৈ থকা এগৰকী ১৭ বছৰীয়া কিশোৰীৰ শৰীৰত সফলতাৰে সংৰোপণ্ কৰা হয় মাহিৰাৰ বৃক্ক।

তদুপৰি মাহিৰাৰ কৰ্ণিয়া, দুয়োটা চকু, হৃদযন্ত্ৰৰ ভালভ পিছৰ বাবে সংৰক্ষণ কৰা হৈছে।

উল্লেখ্য যে, দিল্লীৰ এইমছত অংগ দান কৰা দ্বিতীয়গৰাকী শিশু হৈছে মাহিৰা। কন্যাৰ মৃত্যুৰ শোকৰ মাজতো অংগ দানেৰে আন শিশুৰ জীৱন বচাবলৈ পাই সুখী অনুভৱ কৰা বুলি মন্তব্য কৰে মাহিৰাৰ পিতৃ-মাতৃয়ে।