
নিউজ ডেস্ক। ৭ ফেব্ৰুৱাৰীত বিয়া। তাৰ এদিন পূৰ্বে অৰ্থাৎ ৬ ফেব্ৰুৱাৰীত অভ্যৰ্থনাৰ অনুষ্ঠান। কইনাঘৰত উখল মাখল পৰিবেশ। বন্ধু-বান্ধৱ, আত্মীয়-স্বজনেৰে উথপথপ ৰভাঘৰ।
বিয়াৰ এই উলহ-আনন্দৰ মাজতে সংঘটিত হল এক সকৰুণ ঘটনা। মঞ্চত অভ্যৰ্থনাৰ ফটো শ্বুটত ব্যস্ত ২৬ বছৰীয়া কইনা হঠাৎ ঢলি পৰাত ৰভাঘৰত হাহাকাৰ লাগে।
এই ঘটনা সংঘটিত হয় কৰ্ণাটকৰ কোলাৰ জিলাৰ শ্ৰীনিবাসপুৰা তালুকৰ কোডিচেৰুভু গাঁৱত। বিয়াৰ কইনা চৈতৰা আৰ কে অভ্যৰ্থনা অনুষ্ঠানৰ মাজতে হঠাৎ জ্ঞানহীন হৈ ঢলি পৰাত লগে লগে তেওঁক বাংগালুৰুৰ নিমহান্সলৈ লৈ যোৱা হয়।

হাস্পতালত চিকিৎসাধীন হৈ থকা চৈতৰাৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটে আৰু চিকিৎসকে শুকুৰবাৰে ২৬ বছৰীয়া যুৱতীগৰাকীক ‘ব্ৰেইন ডেড’ ঘোষণা কৰে।
বিবাহৰ ঠিক এদিন পূৰ্বে এনেদৰে কন্যাৰ মৃত্যুৰ বাতৰি লাভ কৰি শোকত ভাগি পৰে চৈতৰাৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ লোক। কিন্তু কন্যাৰ জীৱন যাতে অথলে নাযায়, তাৰ বাবে চৈতৰাৰ অংগ দান কৰাৰ সিদ্ধান্ত লয় পিতৃ-মাতৃয়ে।
চৈতৰাৰ পিতৃ-মাতৃ ৰামাপ্পা আৰু আক্কেম্মাই জীয়াৰীৰ অংগ দানৰ বাবে সন্মতি প্ৰদান কৰাৰ পিছতে শুকুৰবাৰে ৰাজ্যিক অংগ সংৰোপণ আৰু কলা সংস্থা জীৱ সাৰ্থকেটৰ জৰিয়তে চৈতৰাৰ দেহৰ গুৰুত্বপূৰ্ণ অঙ্গবোৰ সংৰোপণ কৰা হয়।

নিমহান্সৰ আৱাসিক চিকিৎসা বিষয়া ডাঃ শশীধৰ এইচএন-এ কয় যে চৈতৰাক চিকিৎসালয়লৈ অনাৰ সময়ত, তেওঁৰ জীয়াই থকাৰ সম্ভাৱনা খুবেই কম আছিল। মগজুৰ ষ্টেম ষ্ট্ৰোক আক্ৰান্ত হোৱাৰ বাবে চৈতৰাক সুস্থ কৰি তোলাতো চিকিৎসকৰ বাবে অসম্ভৱ আছিল।
চৈতৰাৰ মৃতদেহৰ দুটা বৃক্ক, হৃদযন্ত্ৰৰ ভাল্ভ আৰু দুটা কৰ্ণিয়া দান কৰা হৈছে। উল্লেখ্য যে,কৰ্ণাটকত ২০২২ চনত এইটো দ্বাদশ শৱদেহৰ অংগ দানৰ ঘটনা।
উল্লেখ্য যে, পৰিয়ালৰ একমাত্ৰ কন্যা সন্তান চৈতৰাই বাংগালোৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা এমএছচি সম্পূৰ্ণ কৰাৰ পিছত বৰ্তমান বিএড অধ্যয়নৰ বাবে প্ৰস্তুতি চলাই আছিল। তেওঁ যোৱা কেইবছৰমান ধৰি চিন্তামণি তালুকৰ কাইৱাৰা ক্ৰছৰ ওচৰৰ এখন ব্যক্তিগত বিদ্যালয়তো শিক্ষকতা কৰি আছিল।
ইফালে চৈতৰাৰ আকস্মিক মৃত্যুত গভীৰ দুখ প্ৰকাশ কৰি স্বাস্থ্যমন্ত্ৰী কে সুধাকৰে পৰিয়ালটোক তেওঁলোকৰ দুখৰ স্বত্বেও অংগ দান কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ টুইট কৰি কয় যে চৈতৰাৰ অভিভাৱকৰ দ্বাৰা গ্ৰহণ কৰা এই মহৎ কামে আনৰ বাবে আদৰ্শৰ সৃষ্টি কৰিছে।