মূৰত নাছিল হেলমেট! ৰাজপথত বাইক ষ্টান্ট কৰি বিপদত পৰিল এগৰাকী যুৱতী

March 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বাইক ষ্টান্ট কৰাটো যেন আজিৰ দিনৰ যুৱক-যুৱতীৰ বাবে এক নিচালৈ পৰ্যবসিত হৈছে।

কিন্তু এইবাৰ নিশা ৰাজপথত হেলমেট পৰিধান নকৰাকৈ বাইক ষ্টান্ট কৰাৰ লগতে সামাজিক মাধ্যমত ভিডিঅ’ শ্বেয়াৰ কৰি আইনৰ ৰোষত পৰিল এগৰাকী যুৱতী।

মূহুৰ্ততে যুৱতীগৰাকীৰ সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পাছতে তৎপৰ হৈ পৰিল আৰক্ষী, গ্ৰহণ কৰিলে ব্যৱস্থা।

এই ঘটনা গুজৰাটৰ চুৰাটৰ। ব্যস্ত ৰাজপথত ষ্টান্ট কৰা যুৱতী গৰাকীৰ নাম সঞ্জনা ওৰফে প্ৰিঞ্চি প্ৰসাদ বুলি জানিব পৰা গৈছে। ঘৰ বৰদুলি নগৰৰ ববেন গাঁৱৰ।

দৃশ্যটোত দেখা অনুসৰি এই ভিডিঅ’টো গ্ৰহণ কৰা হৈছিল বেচু আৰু গৌৰৱ পথত। তেওঁ এখন হাতেৰে কিছুদূৰ বাইক চলোৱাৰ উপৰিও চলন্ত অৱস্থাত দুই হাতেৰে পিন্ধি থকা জেকেটটো ঠিক কৰাও দেখা গৈছে আৰু দ্ৰুতবেগত বেঁকা হৈ চলাই যোৱাও দেখা গৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি, এনে ধৰণৰ কাৰ্যৰ বিৰুদ্ধে আৰক্ষীয়ে সদায় ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। বৰ্তমান সাঞ্জনাক জামিনত মুকলি কৰি দিয়া হৈছে।

যুৱতী গৰাকীৰ ইনষ্টাগ্ৰাম প্ৰফাইলত দেখা অনুসৰি, ৰয়েল এনফিল্ড, কে টি এম আদি বাইকতো ষ্টান্ট তেওঁ কৰা দেখা গৈছে।

সঞ্জনাই এই সন্দৰ্ভত কয় যে, বাইকখন নৰ্মদা জিলাৰ চাগবাৰা নগৰৰ তেওঁৰ বন্ধু মহম্মদ বিলাল ঘাঁচিৰ আছিল।

আৰক্ষীৰ বিৰুদ্ধে মন্তব্য কৰি তেওঁ কয় যে, যিসকলে অতি বিপদজনক ষ্টান্ট কৰে আৰক্ষীয়ে সেই সকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা নলয়, কিন্তু তেওঁৰ ভিডিঅ’টো ভাইৰেল হোৱাৰ বাবে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে।

উল্লেখ্য যে সামাজিক মাধ্যমত সঞ্জনাৰ বাইক ষ্টান্টৰ কেবাটাও ভিডিঅ’ উপলব্ধ। এই ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

লগতে চাওকঃ

চালকবিহীন চলন্ত গাড়ীত নেতা পুত্ৰৰ Push Ups! আৰক্ষীৰ পৰা বিশেষ পুৰস্কাৰ লাভ যুৱকৰ

বিমানে খুন্দিয়ালে চলন্ত SUV ত, থিতাতে প্ৰাণ গ’ল ৩ জনৰ! CCTV ত বন্দী দুৰ্ঘটনাৰ দৃশ্য

মৰ্মান্তিক! শৌচাগাৰৰ টেংকীত পৰা শিশুক উদ্ধাৰ কৰিবলৈ গৈ ৪ ভাতৃসহ ৫ জনৰ মৃত্যু

প্ৰেমিকাক কোলাত বহুৱাই বাইক ষ্টাণ্ট কৰি জৰিমনা ভৰিলে প্ৰেমিকে! ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা