মুহূৰ্ততে বিষাক্ত হালধীয়া ধোঁৱাই আৱৰিলে জাহাজ, ১২ জন লোকৰ মৃত্যু, ভিডিঅ’ ভাইৰেল…

সোমবাৰে জৰ্ডানৰ আকাবা বন্দৰত এখন জাহাজত বোজাই কৰি থকা ক্লোৰিন টেংক ভুলবশত তলত পৰি যোৱাৰ ফলত বিষাক্ত হালধীয়া ধোঁৱাৰ এক বৃহৎ বিস্ফোৰণ ঘটে যাৰ ফলত ১৩ জন লোক নিহত হয় আৰু ২৫০ ৰো অধিক লোক আহত হয়। কৰ্তৃপক্ষই জনোৱা মতে ক্ৰেইনৰ বিজুতিৰ ফলতে পৰিবহন কৰাৰ সময়ত এটা ৰাসায়নিক সংৰক্ষণ পাত্ৰ তলত পৰি যায় ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
মুহূৰ্ততে জাহাজখনৰ ডেক উজ্জ্বল হালধীয়া বিষাক্ত ধোঁৱাই আৱৰি ধৰে। এই ঘটনাটো মঙলবাৰে পুৱা প্ৰায় ৪:৩০ বজাত সংঘটিত হয়।
জৰ্ডানৰ চৰকাৰী দুৰ্যোগ সঁহাৰি সংস্থাই এই শোকাবহ গেছ দুৰ্ঘটনাৰ বিষয়ে অৱগত কৰে। পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বন্দৰলৈ প্ৰতিৰক্ষা বাহিনীৰ এটা বিশেষ দল প্ৰেৰণ কৰা হৈছে।
আহত সকলক ইতিমধ্যে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰিও জৰ্ডানৰ আকাবা চহৰৰ বাসিন্দাসকলক সাৱধানতা অৱলম্বনৰ বাবে ঘৰৰ দুৱাৰ খিৰিকী বন্ধ ৰাখিবলৈ পৰামৰ্শ দিছে।
Toxic gas leak in Jordan kills 13 and leaves hundreds injured. The explosion took place at Aqaba port.@SehgalRahesha brings you this report
— WION (@WIONews) June 28, 2022
Watch more: https://t.co/AXC5qRugeb pic.twitter.com/Uq235yxB9B
জৰ্ডানৰ প্ৰধানমন্ত্ৰী বিছাৰ আল-খাচাৱনে ঘটনাটো দুৰ্ঘটনা নে ইয়াৰ আঁৰত অন্য বেলেগ কাৰণ আছিল তাক জানিবলৈ তদন্তৰ নিৰ্দেশ দিছে।
অৱশ্যে জৰ্ডানৰ এটা স্থানীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি ক্লোৰিন ভৰ্তি টেংকটো ওপৰৰ পৰা তললৈ বাগৰি পৰাৰ ফলতেই , ই বিস্ফোৰিত হয় আৰু বিষাক্ত গেছৰ নিৰ্গমন হবলৈ ধৰে ।
ঘটনাৰ স্থানতে থকা চিচিটিভিত গোটেই ঘটনাটো বন্দী হৈ পৰে। ভিডিঅ’টোত বন্দৰৰ শ্ৰমিকসকল দ্ৰুতগতিত বিয়পি পৰা বিষাক্ত হালধীয়া ধোঁৱাৰ পৰা বাচিবলৈ দৌৰি থকা দেখা গৈছে। ঘটনাটোৰ ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক ৰূপে ভাইৰেল হৈ পৰিছে।