মুম্বাইৰ আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড, ৭ জনৰ মৃত্যু, আহত ১৬ জন

শনিবাৰে পুৱা মধ্য মুম্বাইৰ টাৰদেও অঞ্চলৰ এটা আৱাসিক ভৱনৰ ১৮ মহলাত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও সাতজন লোক নিহত আৰু ১৬ জন আহত হয়।

বৃহন্মুম্বাই পৌৰ নিগমৰ (বিএমচি) এজন বিষয়াই জনোৱা অনুসৰি গোৱালিয়া টেংকৰ গান্ধী চিকিৎসালয়ৰ বিপৰীতে অৱস্থিত কমলা ভৱন নামৰ ২০ মহলীয়া অট্টালিকাটোৰ ১৮নং মহলাত পুৱা প্ৰায় ৭ বজাত এই অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত অট্টালিকাটোৰ অধিকাংশ বাসিন্দাই শুই আছিল।

মুম্বাইৰ মেয়ৰ কিশোৰী পেডনেকাৰে সংবাদ সংস্থা এএনআইক জানিবলৈ দিয়া মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক আৰু উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলায় আৰু আহত সকলক চিকিৎসালয়ত ভৰ্তি কৰে।

আনহাতে এই সময়তে ৰিলায়েন্স আৰু ৱোকহাৰ্ড চিকিৎসালয়ে অগ্নিপীড়িতসকলক ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগ সন্দৰ্ভত বিএমচিয়ে পৰবৰ্তী সময়ত তদন্ত কৰিব বুলি জানিবলৈ দিয়ে মেয়ৰে।

ইফালে অগ্নিকাণ্ডত গুৰুতৰভাৱে আহত হোৱাৰ পিছত নায়াৰ চিকিৎসালয়লৈ নিয়া সাতজন আহতৰ ভিতৰত পাঁচজনৰ মৃত্যু ঘটে। ভাটিয়া চিকিৎসালয় আৰু কস্তুৰবা চিকিৎসালয়ত ভৰ্তি কৰোৱা আন দুজন আহতৰো মৃত্যু ঘটে।

বৰ্তমান, ভাটিয়া চিকিৎসালয়ত ১৪ জন, নায়াৰ চিকিৎসালয়ত দুজন আৰু কস্তুৰবা চিকিৎসালয়ত এজন লোক চিকিৎসাধীন হৈ আছে। আহত একাধিকজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত আবাসিক অট্টালিকাটোৰ ১৮ আৰু ১৯ নম্বৰ মহলা জুইৰ লেলিহান শিখাই বেঢ়ি ধৰে। যাৰ ফলত মহলা দুটাৰ বাসিন্দা সকলৰ মাজত হাহাকাৰ লাগে। পুৱাৰ ভাগত এই অগ্নিকাণ্ড কিদৰে সংঘটিত হল, সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

লগতে চাওকঃ

‘অপহৃত’ ছাত্ৰীক উদ্ধাৰ, অপহৰণ-ধনদাবীৰ অভিযােগ অস্বীকাৰ

G6

Leave a Comment