fbpx
অসম

মুছলমানে ভোট দিলে ভাল পায় মন্ত্ৰী পীযুষ হাজৰিকাই, পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নতুন ৰণকৌশল…

GMC দখলৰ নতুন ৰণকৌশল বিজেপিৰ। পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে খিলঞ্জীয়া মুছলমানৰ ভোট বিচাৰি বৈঠক মন্ত্রী পীযুষ হাজৰিকাৰ।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে নিশা গুৱাহাটীৰ খিলঞ্জীয়া মুছলমানৰ সৈতে মিলিত হয় এক বৈঠকত। মুখ্যতঃ নিৰ্বাচনকেন্দ্ৰিক এই বৈঠকৰ অন্তত খিলঞ্জীয়া মুছলমানৰ সমৰ্থন বিচাৰে মন্ত্রী পীযুষ হাজৰিকাই।

বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰীজনে কয়, ”খিলঞ্জীয়া মুছলমান সকলৰ সৈতে বিজেপিৰ কোনো সমস্যা নাই। তেওঁলোকে আমাক মৰম কৰিলে আমিও দুগুণ মৰম কৰিম।”

মুছলমানে ভোট দিলে ভালপাওঁ বুলি কৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ দাবী- পৌৰ নিগমৰ নিৰ্বাচনত খিলঞ্জীয়া মুছলমানে ভোট দিব বিজেপিক। কংগ্ৰেছে খিলঞ্জীয়া মুছলমানক কি দিছে বুলি প্ৰশ্ন কৰে মন্ত্ৰীজনে।

সততে হিন্দুত্ববাদী আদৰ্শৰে সংখ্যালঘু সম্প্ৰদায়ক এলাগী কৰা বিজেপি চৰকাৰৰ মন্ত্ৰীজনে এতিয়া পৌৰ নিগমৰ নিৰ্বাচনত খিলঞ্জীয়া মুছলমানৰ ভোট বিচাৰিবলগীয়া হোৱা কাৰ্যই স্বাভাৱিকতে ৰাজনৈতিক মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Back to top button