মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনতে সমাধান হ’ব আলফা সমস্যাঃ আশাবাদী পৰেশ বৰুৱা

এটা দশকৰ পিছত প্ৰথমবাৰৰ বাবে চেটেলাইট চেনেলৰ পোনপোটীয়া সাক্ষাৎকাৰত ভাগ ল’লে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। ডিএ নিউজ প্লাছত জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ সৈতে হোৱা সুদীৰ্ঘ বাৰ্তালাপত ভাগ লৈ আলফা স্বাধীনৰ বহু নজনা ইতিহাস উন্মুক্ত কৰিলে সেনাধ্যক্ষগৰাকীয়ে।

আলফাৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত সেনাধ্যক্ষ পৰেশ বৰুৱাই প্ৰদান কৰা পোনপটীয়া এই সাক্ষাৎকাৰত আলফা (স্বা) আৰু চৰকাৰৰ মাজত আলোচনা সম্পৰ্কে তেওঁ কয়, ‘আমি আলোচনা বিৰেধী নহয়।’

৯০ৰ দশকৰ পৰাই আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰ বিষয় উত্থাপন হৈ আহিছে বুলি মন্তব্য কৰি পৰেশ বৰুৱাই লগতে কয় যে আলোচনাৰ বাবে এটা সুস্থিৰ পৰিৱেশৰ প্ৰয়োজন। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তক কঠোৰ ভাষাৰে সমালোচনা কৰি তেওঁ কয় যে প্ৰফুল্ল মহন্তই দুবাৰকৈ মুখ্যমন্ত্ৰী হৈও আলোচনাৰ বাবে একো নকৰিলে। বৰং গুপ্তহত্যাৰ এক ক’লা অধ্যায়হে ৰচনা কৰি থৈ গ’ল।

তিনিবাৰকৈ মুখ্যমন্ত্ৰী পদত অধিষ্ঠত হোৱা তৰুণ গগৈ চৰকাৰৰ বিষয়েও মন্তব্য কৰে সেনাধ্যক্ষ পৰেশ বৰুৱাই। তেওঁ কয় যে তৰুণ গগৈয়ে আলফা স্বাধীনক প্ৰতিশ্ৰুতি দিছিল যে শাসনলৈ আহিলে গুপ্তহত্যা বন্ধ কৰা হব, আলোচনাৰ পথ মুকলি কৰা হব।

কংগ্ৰেছে অসমত চৰকাৰ গঠন কৰাত আলফাই অৰিহণা যোগাইছিল। আৰু তৰুণ গগৈয়ে চৰকাৰ গঠনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি বহুখিনি পূৰণ কৰিবলৈও সক্ষম হৈছিল বুলিও মন্তব্য কৰে পৰেশ বৰুৱাই। তেওঁ কয় যে গগৈয়ে আলোচনাৰ বাবে যথেষ্ট চেষ্টা কৰিছিল, কিন্তু সেয়া সম্পূৰ্ণ নহ’ল। অৱশ্যে তৰুণ গগৈৰ চৰকাৰৰ দিনতে আলফাৰ সৈতে আলোচনা ভাৰত চৰকাৰৰ বিষয় হৈ পৰে।

আনহাতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত আলফা-চৰকাৰৰ আলোচনা সম্ভৱ হব বুলি আশা ব্যক্ত কৰে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। তেওঁৰ মতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আলোচনাৰ পৰিৱেশ সৃষ্টি কৰিছে। কিছু সময় লাগিব পাৰে, কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ দিনতে আলফা সমস্যা সমাধান হব বুলি আশা ব্যক্ত কৰে পৰেশ বৰুৱাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ভাতৃ বুলিও মন্তব্য কৰে আলফা স্বাধীনৰ সেনাধ্যক্ষগৰাকীয়ে।

ইফালে আলফা সমস্যা কেৱল এক ৰাজনৈতিক সমস্যা বুলি মন্তব্য কৰি পৰেশ বৰুৱাই কয় যে স্বাধীন সার্বভৌম অসমৰ বুৰঞ্জীগত অধিকাৰ প্ৰাপ্তিৰ ওপৰতে নিৰ্ভৰ কৰিছে অসম-ভাৰত ৰাজনৈতিক সংঘাতৰ সমাধান সূত্ৰ, এই অঞ্চলৰ শান্তি আৰু সুস্থিৰতা। আলফা আলোচনা বিৰোধী নহয়। কিন্তু যুদ্ধবাজ ভাৰতে তেওঁলোকৰ ঔপনিৱেশিক আধিপত্য আৰু দমন-লুণ্ঠন অব্যাহত ৰখাৰ বাসনা পৰিহাৰ কৰিব লাগিব। এইটো কোনো পূর্বচর্ত নহয়, অসমৰ থলগিৰিৰ আজন্ম অধিকাৰ।

অসমৰ ভাষা-সংস্কৃতি আৰু জাতীয় জীৱনৰ প্ৰতি নামি অহা সংকটৰ ছাঁয়াক লৈও উদ্বেগ ব্যক্ত কৰে পৰেশ বৰুৱাই। তেওঁ কয়, ‘অসমৰ সন্মিলিত জাতীয় মুক্তি বিপ্লৱ পৰিস্থিতিৰ অমোঘ দাবী আৰু থলগিৰিৰ সন্মুখত ইয়াৰ বাহিৰে আন বিকল্প নাই। জাতি, জাতিসত্তা অথবা ব্যক্তিবিশেষে মাটি-ভেটি, বাৰেৰহণীয়া ভাষা-সংস্কৃতি, গৰিমামণ্ডিত ঐতিহ্য আদিৰে গঠিত জাতীয় শিপাডালৰ সঠিক মূল্যায়ন নকৰিলে হিন্দী বলয়ৰ সৰ্বগ্রাসী আগ্রাসনৰ পৰা থলগিৰিৰ অস্তিত্ব ৰক্ষা নহ’ব।’

তেওঁ পুনৰ কয়, ‘ভাৰতৰ স্বাধীনতাৰ পাছৰে পৰা বানপানীত অসমত প্ৰতিবছৰে ২০০ কোটিৰো অধিক পৰিমাণৰ সা-সম্পত্তি নষ্ট হয়। গৰাখহনীয়াৰ ফলত বৰ্তমানলৈকে প্রায় ৪.২ লাখ হেক্টৰ মাটি নদীৰ বুকুত জাহ গ’ল। অসমৰ ৮০ শতাংশ লোকেই গাঁৱত বাস কৰে আৰু ইয়াৰে ৭০ শতাংশ লোকেই কৃষিৰ ওপৰত নিৰ্ভৰশীল। লাইকা-দধিয়া-আমচাং-শদিয়াকে ধৰি উদ্বাস্তু থলগিৰিৰ লাঞ্ছনা-বঞ্চনাৰ অবর্ণনীয় জীয়া কাহিনী আজিও বিদ্যমান। কিন্তু শাসকবৰ্গৰ নিৰ্দেশত পুঁজিপতিকে ধৰি বণিক গোষ্ঠীক ভূমি দিব পাৰে, ধৰ্মৰ নামত নাগৰিকত্ব দিব পাৰে অথচ থলগিৰি কৃষকসকলে নিজ জন্মস্বত্ব ভূমিৰ অধিকাৰো হেৰুৱাইছে।’

Leave a Comment