মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে প্ৰদেশ কংগ্ৰেছৰ এজাহাৰ গ্ৰহণ নকৰিলে দিছপুৰ আৰক্ষীয়ে…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰে অসম আৰক্ষীয়ে!

এই অভিযোগ উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।

উত্তৰাখণ্ডৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী শৰ্মাই কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ পিতৃত্ব সম্পৰ্কে কৰা মন্তব্যক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ দিছপুৰ আৰক্ষী থানাৰ কাষ চাপিছিল কংগ্ৰেছ।

যাক লৈ ক্ষোভিত হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়া।

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ এটা টুইটকলৈ অসমত বি জে পিৰ যুৱ মৰ্চা আৰু বিজেপিৰ মহিলা মৰ্চাই সোমবাৰে ৰাহুল গান্ধীৰ বিৰুদ্ধে ৰাজ্যজুৰি থানাই থানাই এজাহাৰ দাখিল কৰিছিল।

কিন্তু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে অসমৰ বিভিন্ন থানাত এজাহাৰ গ্ৰহণ কৰা আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে।

দেশৰ মানচিত্ৰৰ পৰা উত্তৰ-পূৱক বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ কৰা বুলি ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।

লক্ষণীয় বিষয় যে, ৰাহুল গান্ধীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ কৰা একেই আৰক্ষীয়ে মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিয়া এজাহাৰ গ্ৰহণ নকৰিলে।

ৰাহুল গান্ধীৰ পিতৃৰ পৰিচয় সন্দৰ্ভত উত্তৰাখণ্ডত বিতৰ্কিত মন্তব্য কৰা সন্দৰ্ভত মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিছপুৰ থানাত এখন এজাহাৰ দিয়াৰ ব‍াবে উপস্থিত হৈছিল।

কিন্তু দিছপুৰ আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰাৰ ক্ষেত্ৰত অপৰাগত প্ৰকাশ কৰি উত্তৰাখণ্ডৰ ঘটনা বুলি কৈ এজাহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ অভিযোগ উত্থাপন হৈছে।

এই সন্দৰ্ভত অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী মীৰা বৰঠাকুৰে কয়- ‘আমি অসম প্ৰদেশ সমিতিৰ পৰা দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিব বিচাৰিছিলোঁ, কিন্তু দিছপুৰ থানাই এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। গোচৰ পঞ্জীয়ন কৰাটো এটা পৃথক বিষয়, কিন্তু তেওঁলোকে এজাহাৰ গ্ৰহণ কৰিবলৈকে স্পষ্টভাৱে অস্বীকাৰ কৰিছিল। এজাহাৰ দাখিলৰ কাৰণটো আছিল ৰাহুল গান্ধীৰ পিতৃত্ব সম্পৰ্কে কৰা অপমানজনক মন্তব্য। ই পৰোক্ষভাৱে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু শ্বহীদ ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ ভাবমূৰ্তি কলুষিত কৰে। বিষয়টো সংবেদনশীল হোৱাৰ বাবে আমি বিষয়টো উত্থাপন কৰিব বিচাৰোঁ কিন্তু তেওঁলোকে এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।’

ঘটনা সন্দৰ্ভত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াই কয়- ‘যদি আৰক্ষীয়ে এজাহাৰ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে, তেন্তে কংগ্ৰেছে আদালতৰ কাষ চাপিব লাগিব। একেধৰণৰ ঘটনাৰ ক্ষেত্ৰত মই কেইবাবাৰো আইনী আশ্ৰয় ল’ব লগা হৈছিল।’

Leave a Comment