মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চৰম অপমান! নিৰ্মাৰ পোষ্টাৰত যুৱতীৰ ৰূপত উপস্থাপন অসমৰ মুখ্যমন্ত্ৰীক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চৰম অপমান!

যুৱতীৰ ৰূপত উপস্থাপন কৰা হ’ল অসমৰ মুখ্যমন্ত্ৰীগৰাকীক।

হায়দৰাবাদত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক চৰম অপমান।

উল্লে্খ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহক হায়দৰাবাদলৈ স্বাগতম জনাই চহৰখনত অঁৰা হৈছে বিভিন্ন পোষ্টাৰ।

তাৰ এখন পোষ্টাৰক লৈ এতিয়া দেশজুৰি বিতৰ্ক।

ৱাশ্বিং পাউদাৰ নিৰ্মা শীৰ্ষক পোষ্টাৰখনত এগৰাকী যুৱতীৰ ৰূপত উপস্থাপন কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰীক।

ভাৰত ৰাষ্ট্ৰ সমিতি চমুকৈ BRSয়ে চহৰখনৰ অলিয়ে-গলিয়ে আঁৰিছে এনে পোষ্টাৰ।

পোষ্টাৰখনত আছে মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰাণে, মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া, পশ্চিমবংগৰ শুভেন্দু অধিকাৰী।

দিল্লীৰ সুৰা কেলেংকাৰিৰ গোচৰত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কে কবিতাক EDয়ে চমন জাৰি কৰাৰ প্ৰতিবাদত BRSয়ে হায়দৰাবাদৰ অলিয়ে-গলিয়ে এনেধৰণৰ ৱাশ্বিং পাউদাৰ শীৰ্ষক পোষ্টাৰ আঁৰিছে।

উল্লেখ্য যে CISFৰ ৫৪ সংখ্যক ৰেইজিং ডে পেৰেডত অংশ লবৰ বাবে চহৰখনলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।