মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপহাৰ হিচাপে গ্ৰহণ কৰিলে কৰিমগঞ্জৰ নুৰুল হকে সাজি উলিওৱা ‘লেম্বৰগিনি’…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপহাৰ হিচাপে গ্ৰহণ কৰিলে কৰিমগঞ্জৰ নুৰুল হকে সাজি উলিওৱা ‘লেম্বৰগিনি’।

শনিবাৰে অনুৰাগীজনৰ পৰা জনতা ভৱনত বিশেষ বাহনখন গ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

কৰিমগঞ্জৰ নুৰুল হক নামৰ মুখ্যমন্ত্ৰীৰ অনুৰাগীজনে সাজি উলিওৱা এই বিশেষ বাহনখন ইতিপূৰ্বে কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে বৰাকলৈ যোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষ কৰাৰ লগতে চলাই চাইছিল।

ইয়াৰ পিছতে এই বাহনখন তেওঁক উপহাৰ হিচাপে আগবঢ়াবলৈ গুৱাহাটী পাইহি নুৰুৰ হক।

পেছাত মেকানিক নুৰুলে মাৰুতি চুইফট বাহন এখন পুনৰ নিৰ্মাণ কৰি ‘লেম্বৰগিনী এছ চি ২০’ মডেলৰ ৰূপ দিছে।

নুৰুলে নিজৰ গেৰেজতে এই বাহনখন পুনৰ নিৰ্মাণ কৰিছে। ইয়াৰ বাবে তেওঁ ১০ লাখ টকা ব্যয় কৰাৰ লগতে প্ৰায় ৪ মাহ সময় লৈছিল।

উপহাৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত লিখিছে- Delighted to receive a modified Lamborghini lookalike car from innovator Nurul Haque of Anipur, Karimganj. My best wishes to him in all his future endeavours.