অসমীয়াঅসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তুলনা নহয় কেজৰিৱালৰঃ মুখ্যমন্ত্ৰীৰ প্ৰশংসাত গদগদ বিধায়ক দিগন্ত কলিতা

নিউজ ডেস্কঃ যিমানেই ভাল কথা নকওক লাগিলে, তাক সমালোচনা কৰি বিৰোধীক তুলাধুনা দিব পৰাটোৱেই আজিৰ যুগৰ সফল ৰাজনীতিকৰ সফল পৰিচয়। মন্ত্ৰী পীযুষ হাজৰিকাই হওক বা বিধায়ক দিগন্ত কলিতাই হওক, শাসকীয় দলৰ এইসকল নেতাই বিৰোধীক সমালোচনা কৰাৰ ভূমিকাটোৱেই যেন নিয়াৰিকৈ পালন কৰি আহিছে।

বিতৰ্কৰ আৰম্ভণি ঘটিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ এটা টুইটক লৈ। অসমৰ ৩৪ খন চৰকাৰী বিদ্যালয় বন্ধ কৰা সন্দৰ্ভত অসম চৰকাৰৰ সিদ্ধান্তৰ প্ৰসংগত এটা টুইট কৰিছিল কেজৰিৱালে। য’ত তেওঁ লিখিছিল যে স্কুল বন্ধ কৰাটোৱেই সমাধান নহয়। বৰং শিক্ষাৰ মানদণ্ড উন্নত কৰাটোহে গুৰুত্বপূৰ্ণ।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই টুইট কৰাৰ পিছতে তেওঁৰ বিৰুদ্ধে জঁপিয়াই পৰিল অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা। শিক্ষা বিষয়ত জ্ঞান থাকক বা নাথাকক, মুঠতে বিজেপিৰ প্ৰতিদ্বন্দ্বী হিচাপে থিয় হোৱা আম আদমী পাৰ্টীৰ নেতাগৰাকীক সমালোচনা কৰাটো যেন মন্ত্ৰীগৰাকীৰ দায়িত্ব। অৱশ্যে দিল্লীৰ শিক্ষা মডেল ভুৱা বুলি দাবী কৰিবলৈ গৈ সামাজিক মাধ্যমত নিজেই সমালোচিত হোৱা দেখা গ’ল মন্ত্ৰীজনক।

ইফালে ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে কেজৰিৱালৰ টুইটক লৈ। প্ৰত্যুত্তৰো লাভ কৰিলে। কেজৰিৱালে প্ৰস্তাৱ দিলে ড০ শৰ্মাক দিল্লীৰ শিক্ষা ব্যৱস্থা প্ৰত্যক্ষ কৰিবৰ বাবে। তেওঁ নিজেও অসম আহি অসমৰ শিক্ষা ব্যৱস্থা প্ৰত্যক্ষ কৰাৰ আগ্ৰহ ব্যক্ত কৰিলে।

দুখন ৰাজ্যৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ মাজত চলি থকা টুইটাৰ যুদ্ধৰ ৰণাংগনত যেন এইবাৰ নামি পৰিল বিধায়ক দিগন্ত কলিতাও। তেঁৱো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুণ গান গাই হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলে অৰবিন্দ কেজৰিৱালক।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ শ্ৰেষ্ঠ তিনি গৰাকী মুখ্যমন্ত্ৰীৰ মাজৰ এজন বুলি দাবী কৰি দিগন্ত কলিতাই ক’লে- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তুলনা নহয় অৰবিন্দ কেজৰিৱালৰ।

অসম এখন বৃহৎ ৰাজ্য। অসমত বিভিন্ন জাতি-জনগোষ্ঠী আছে, নানান ভাষা-ভাষিক লোকে বাস কৰে অসমত। কিন্তু দি্ল্লী সৰু। গতিকে দিল্লীতকৈ অসমৰ সমস্যাও অধিক হোৱাটো স্বাভাৱিক। এনে পৰিস্থিতিতো অসমৰ সকলো সমস্যাক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁৰ সৈতে তুলনা নহয় কেজৰিৱালৰ। -এইদৰেই মুখ্যমন্ত্ৰীৰ অনুগামী হৈ প্ৰশংসাত গদগদ হৈ পৰিল বিধায়ক দিগন্ত কলিতা।

আনহাতে দিল্লীত আম আদমী পাৰ্টীৰ বিধায়ক বিজেপিয়ে ক্ৰয় কৰাৰ চেষ্টা চলোৱা সন্দৰ্ভত উত্থাপিত অভিযোগক লৈও নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে দিগন্ত কলিতাই। তেওঁৰ মতে, ইন্দিৰা গান্ধীৰ দিনৰে পৰাই কংগ্ৰেছে বহুবাৰ চৰকাৰ ভংগ কৰিছিল। কিন্তু সেই সময়ত ছ’চিয়েল মিডিয়া নাছিল বাবেই মানুহে এই বিষয়ে জনা নাছিল।

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী তেওঁৰ কৰ্মই আজি বৃহৎ সফলতা প্ৰদান কৰিছে বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে। তেওঁৰ মতে নিজৰ কৰ্মৰাজিৰেই সমগ্ৰ বিশ্বত জনপ্ৰিয়তা অৰ্জন কৰিছে প্ৰধানমন্ত্ৰী মোডীয়ে। ২০২৪ত ভাৰতত পুনৰ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলিও দাবী কৰে বিধায়ক দিগন্ত কলিতাই।

Related Articles

Back to top button