
নিউজ ডেস্কঃ তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সম্পাদক তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ভতিজা অভিষেক বেনাৰ্জীৰ পত্নীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা আদালতৰ।
অভিষেকৰ পত্নী ৰুজিৰা বেনাৰ্জীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰি ২০ আগষ্টৰ ভিতৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে দিল্লীৰ পাটিয়ালা হাউচ আদালতে।

উল্লেখ্য যে, কয়লাৰ চোৰাং ব্যৱসায়ৰ গোচৰত ইডিয়ে ইয়াৰ পূৰ্বে কেইবাবাৰো চমন জাৰি কৰিছিল ৰুজিৰা বেনাৰ্জীক। কিন্তু প্ৰতিবাৰেই অভিষেকৰ পত্নীয়ে ইডিৰ নিৰ্দেশ অমান্য কৰাত অৱশেষত দিল্লীৰ পাটিয়ালা হাউচ আদালতৰ দাৰস্থ হয় ইডি।
ইডিয়ে চমন জাৰি কৰাৰ সময়ত কোভিড পৰিস্থিতি আৰু ঘৰত দুই সন্তান থকাৰ দোহাই দি বাৰে বাৰে হাজিৰ হ’বলৈ অস্বীকাৰ কৰিছিল ৰুজিৰা বেনাৰ্জীয়ে। আনকি তেওঁ চমনৰ ওপৰত স্থগিতাদেশ বিচাৰি আদালতৰো কাষ চাপে।

ইফালে ইডিয়ে ৰুজিৰা-অভিষেক বেনাৰ্জীৰ আবেদনৰ ওপৰত পাটিয়ালা আদালতত আবেদন জনায়। তেতিয়াই আদালতে ৰুজিৰাক মাতি পঠিয়ায়।
ইয়াৰ পিছত তেওঁ ৩০ ছেপ্টেম্বৰত এটা ভাৰ্চুৱেল উপস্থিতিও প্ৰদৰ্শন কৰে আদালতত। আনহাতে ইয়াৰ পৰৱৰ্তী সময়ত ইডিৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হয় অভিষেক বেনাৰ্জী।

অৱশ্যে, এইবাৰ দিল্লীৰ পাটিয়ালা হাউচ আদালতে ৰুজিৰাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে। আদালতে তেওঁক ২০ আগষ্টৰ ভিতৰত আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে।
অৱশ্যে আদালতে এই কথাও স্পষ্ট কৰি দিছে যে ৰুজিৰা বেনাৰ্জীয়ে বিচাৰিলে আগতীয়া জামিনৰ বাবেও আবেদন কৰিব পাৰে।
আনহাতে তৃণমূল কংগ্ৰেছে বাৰে বাৰে ইডিৰ চমনক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰি আহিছে।