fbpx
অসমীয়াঅসম

মুখ্যমন্ত্ৰী একচত্ৰী সম্ৰাট হোৱাৰ বাবেই বিদ্যুৎ বিভাগত খেলিমেলি হৈছে! বিদুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত পৰিহাৰ নকৰিলে আন্দোলনৰ হুংকাৰ আছুৰ

নিউজ ডেস্কঃ ৰাজ্যৰ জনতাৰ মূৰত মাধমাৰ শোধাই বিদ্যুৎ বিল পুনৰ ৩০ পইইচাকৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ।

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই চৰকাৰৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি কয় যে চৰকাৰৰ ঘাটি বাজেট পূৰণ কৰিবলৈ জনতাৰ ওপৰত মাধমাৰ শোধালে নহ’ব।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰাজ্যৰ একচত্ৰী সম্ৰাট হৈ পৰাৰ বাবেই বিদ্যুৎ বিভাগত খেলিমেলি হোৱাৰ অভিযোগ উত্থাপন কৰি শংকৰজ্যোতি বৰুৱাই কয় যে বিদ্যুৎ বিল ৩০ পইচা বৃদ্ধি কৰাটো কোনোপধ্যেই যুক্তিসংগত নহয়। চৰকাৰৰ ঘাটি বাজেট ৰাজ সাহায্য দি পূৰণ কৰক, কিন্তু জনতাৰ মূৰত মাধমাৰ শোধাই পূৰণ কৰিবলৈ দিয়া নহ’ব।

এপিডিচিএলৰ পৰিচালন সঞ্চালকক সাক্ষাতৰ পিছত আছুৰ নেতাগৰাকীয়ে কয় যে যদি শীঘ্ৰে বিদ্যুৎ বিল বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা নহয়, তেন্তে সমগ্ৰ অসমজুৰি আছুৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ’ব।

মুখ্যমন্ত্ৰীয়ে বিভাগীয় মন্ত্ৰীক কাম-কাজ পৰিচালনা কৰিবলৈ নিদি নিজেই সকলো কৰিবলৈ লোৱাৰ বাবেই আজি বিদ্যুৎ বিভাগ, শিক্ষা বিভাগৰ দৰে বিভাগসমূহত খেলিমেলি সংঘটিত হ’বলৈ ধৰিছে বুলি মন্তব্য কৰে আছুৰ নেতাগৰাকীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!