fbpx
অসমীয়াঅসম

মুখ্যমন্ত্ৰীৰ ৰূপত ২০২২ চনটো সম্পূৰ্ণ কৰিবলৈ নাপায় হিমন্ত বিশ্ব শৰ্মাই, আকৌ মুখ্যমন্ত্ৰী হ’ব সৰ্বানন্দ সোণোৱালঃ ভূপেন বৰা

নিউজ ডেস্কঃ কোভিড কালত সেৱা নে ব্যৱসায় কৰিছিল মুখ্যমন্ত্ৰী পত্নীৰ কোম্পানীয়ে?

ৰাজ্যৰ লগতে শেহতীয়াকৈ সমগ্ৰ দেশ তোলপাৰ লগোৱা পিপিই কিট বিতৰ্কক লৈ সৰৱ হৈ পৰিছে বিৰোধী।

কংগ্ৰেছ, আম আদমী পাৰ্টী, তৃণমূল কংগ্ৰেছ আদি বিৰোধী দলে এক ৰাজনৈতিক ইছ্যু হিচাপে লৈ পিপিই কিট বিতৰ্কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

ইয়াৰ মাজতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই পুনৰ এবাৰ পিপিই কিট বিতৰ্কক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে।

অসমত শীঘ্ৰেই মুখ্যমন্ত্ৰী সলনি কৰাৰ যো-জা চলিছে বুলি মন্তব্য কৰি ভূপেন বৰাই কয় যে পিপিই কিট বিতৰ্কৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এক ইঞ্চিও সাৰি যাব নোৱাৰে।

এই দুৰ্নীতি সংঘটিত কৰি হিমন্ত বিশ্ব শৰ্মা ইতিমধ্যেই প্ৰধানমন্ত্ৰীৰ ৰোষত পৰা বুলি দাবী কৰি প্ৰদেশ কংগ্ৰছৰ সভাপতিগৰাকীয়ে কয় যে সৰ্বানন্দ সোণোৱালক পুনৰ এবাৰ মুখ্যমন্ত্ৰী পতাৰ বাবে বিজেপিৰ ভিতৰচৰাত কুচকাৱাজ আৰম্ভ হৈছে।

ড০ হিমন্ত বিশ্ব শৰ্মাই ২০২২ চনটো মুখ্যমন্ত্ৰীৰূপে সম্পূৰ্ণ কৰিবলৈ সুযোগ নাপাই বুলি দাবী কৰে ভূপেন বৰাই।

তেওঁ লগতে এয়াও কয় যে দুৰ্নীতিৰ অভিযোগত কৰ্ণাটক, উত্তৰাখণ্ড, ত্ৰিপুৰা, গুজৰাটৰ মুখ্যমন্ত্ৰী সলনি কৰিবলগা হৈছে। আৰু এইবাৰ অসমৰ মুখ্যমন্ত্ৰীকো বদলি কৰা হ’ব।

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!