অসম

মুখ্যমন্ত্ৰীৰ সংবাদমেল- বান সাহায্যৰ লগতে বন্যাৰ্ত শিক্ষাৰ্থীলৈ বিশেষ অনুদান ঘোষণা…

জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল সম্বোধন।

সংবাদমেলত বান সাহাৰ্যৰ লগতে বন্যাৰ্ত শিক্ষাৰ্থীলৈ বিশেষ অনুদান ঘোষণা মুখ্যমন্ত্ৰীৰ।

নতুন আঁচনি শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীৰ বিশেষ পাঠ্যপুথি অনুদান আঁচনিৰ শুভাৰম্ভ।

বন্যাৰ্ত শিক্ষাৰ্থীক ১০০০ টকাকৈ অনুদান আগবঢ়োৱাৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ।

৩০ খন জিলাৰ ১,০১,৫৩৯ গৰাকী শিক্ষাৰ্থীয়ো লাভ কৰিব এই অনুদান।

সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে নগাঁও জিলাৰ ছাত্ৰ ছাত্ৰী।

নগাঁও জিলতা ৩৫০৭৯ গৰাকী ক্ষতিগ্ৰস্ত হৈছে।

১৬০৪৬ গৰাকী ক্ষতিগ্ৰস্ত হৈছে কাছাৰ জিলাত।

এইবাৰ বানত ১৫২ টা ৰাজহ চক্ৰৰ অন্তৰ্গত ৯৯১৮ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে।

৯০ লাখ লোক এইবাৰৰ বানত ক্ষতিগ্ৰস্ত হৈছে।

বান-ভূমিস্খলনত ১৯৫ জন লোকৰ মৃত্যু হৈছে। ৩৭ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।

৫৪৮৩৭ টা পশুধনৰ মৃত্যু হৈছে। ২,৪০,০৯৬ হেক্টৰ ভূমি বানত ক্ষতিগ্ৰস্ত হৈছে।

কেম্পত থকা ৰাইজক চাউল, দালি ,নিমখ, বেবি ফুদ, ক্লৰাইন টেবলেট, মিঠাতেল দিয়া হৈছে।

২,১৯,২৯৮ হাজাৰ কুইন্টল চাউল প্ৰদান কৰা হৈছিল ৰিলিফ কেম্পত।

প্ৰায় ১লাখ মানুহক বান সমস্যা সমাধানৰ বাবে নিয়োগ কৰা হৈছিল।

কেম্পৰ পৰা ঘৰলৈ যোৱাৰ সময়ত হাতত কিবা এটা দিয়াৰ চেষ্টা কৰিছিলোঁ

৩৮০০ কৰি প্ৰতিটো পৰিয়ালকে প্ৰদান কৰা হৈছ।

১লাখ, ৫৮ হাজৰ ৭৫২ টা পৰিয়ালৰ এই টকা দিয়াৰ চেষ্টা কৰিছিলোঁ।

লাখ এহেজাৰ ছাত্ৰী ছাত্ৰীৰ বেংক একাউণ্টত পঠিয়াই দিয়া হৈছে।

এইটো চৰকাৰী পুজি নহয়, ৰাইজে আগবঢ়োৱা মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিৰ পৰা এই ধন দিয়া হৈছে।

১৫আগষ্টৰ আগত ক্ষতিগ্ৰস্ত হোৱা ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব স্কুলীয়া পাঠ্যপুথি।

ঘৰৰ ক্ষতি হোৱা পৰিয়ালক দিয়া হ’ব ক্ষতিপুৰণ।

২৫,৬৭০টা গৃহ সম্পুৰ্ণ কৈ ধ্বংস হৈছে।

২,৭৮,২৬০ পৰিয়ালৰ ঘৰ আংশিক ভাৱে ক্ষতিগ্ৰস্ত হৈছে।

কাছাৰ জিলাত ১২,৪৮৬টা গৃহ সম্পূৰ্ণ ভাৱে ধ্বংস হৈছে।

১,৬৩,১৩২টা আংশিক ভাৱে ক্ষতিগ্ৰস্ত হৈছে কাছাৰত।

৪০০কোটি ঘৰ ক্ষতি হোৱাৰ নামত খৰচ কৰিব ৰাজ্য চৰকাৰে।

৪লাখ কৈ মৃত্যু হোৱা পৰিয়ালক প্ৰদান কৰা হৈছে।

১হাজাৰ কোটি বানত ধ্বংস হোৱা মঠাউৰি নিৰ্মাণ, স্কুল নিৰ্মাণ, ৰাস্তা নিৰ্মাণৰ নামত খৰচ কৰা হ’ব।

পেকেজ হিচাপে নহয়, যিমান টকা খৰচ হয় কেন্দ্ৰই প্ৰদান কৰিব।

সংবাদমেলত এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

আনহাতে অসমৰ বানপানীক কেন্দ্ৰই জটিল সমস্যা হিচাপে ঘোষণা কৰিছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শর্মাই।

Related Articles

Back to top button