মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া (OSD) হিচাপে কুন্তলমণি শৰ্মা বৰদলৈক নিযুক্তি

May 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ কৰ্তব্যৰত বিষয়া (OSD) নিযুক্ত কৰিছে অসম চৰকাৰে।

কুন্তলমণি শৰ্মা বৰদলৈক মুখ্যমন্ত্ৰীৰ নতুন বিশেষ কৰ্তব্যৰত বিষয়াৰূপে শনিবাৰে নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে।

বৰ্তমানে কামৰূপ জিলাৰ মিৰ্জাত স্থিত জিলা ঔদ্যােগ কেন্দ্ৰৰ পৰিচালক হিচাপে কৰ্মৰত বিষয়াগৰাকী।

জানিব পৰা মতে, উদ্যোগ আৰু বাণিজ্য বিভাগৰ সংশ্লিষ্ট কাৰ্যালয়ৰ পৰাই মুখ্যমন্ত্ৰীৰ নতুন অ’ এছ ডিগৰাকীয়ে দৰমহা আদায় ল’ব।

উদ্যোগ আৰু বাণিজ্য বিভাগে এই ক্ষেত্ৰত যাৱতীয় অনুমোদন প্ৰদান কৰিছে।