
মাজুলীৰ অভিশপ্ত নাও দুৰ্ঘটনাই প্ৰাণ কাঢ়ি নিছিল সহকাৰী অধ্যাপিকা পৰিমিতা দাস আৰু ইন্দ্ৰেশ্বৰ বৰাৰ।
দুৰ্ঘটনাৰ পিছত ভুক্তভোগী দুয়োটা পৰিয়ালৰ এজনকৈ সদস্যক চৰকাৰী নিযুক্তি প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
২০২১ৰ ১০ ডিচেম্বৰত এই সন্দৰ্ভত সিদ্ধান্তও গ্ৰহণ কৰা হয় অসম চৰকাৰৰ কেবিনেট বৈঠকত।
অৱশেষত সেই প্ৰতিশ্ৰুতি পূৰণ কৰি অসম চৰকাৰে নিযুক্তি প্ৰদান কৰিলে পৰিমিতাৰ ভগ্নী মধুমিতা দাস আৰু ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিক।

শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই দুয়োগৰাকীকে প্ৰদান কৰে নিযুক্তি পত্ৰ।
উল্লেখ্য যে, মধুমিতা দাসক ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ, অসম সঞ্চালকালয়ত প্ৰবক্তা পদত নিযুক্তি প্ৰদান কৰাৰ বিপৰীতে ৰূপৰেখা বৰাক লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া কাৰ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ পদত নিযুক্তি দিয়া হয়।

প্ৰয়াত পৰিমিতা দাস
ইফালে জনতা ভৱনত মুখ্যমন্ত্ৰীৰ পৰা নিযুক্তি পত্ৰ গ্ৰহণ কৰি উচুপি উঠে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নী ৰূপৰেখা বৰা সেনাপতিয়ে। নাও দুৰ্ঘটনাৰ কালিমা সনা দিনটোৰ কথা সুঁৱৰি শোকবিহ্বল হৈ পৰে তেওঁ।

প্ৰয়াত স্বামী ইন্দ্ৰেশ্বৰ দাসৰ সৈতে পত্নী ৰূপৰেখা বৰা সেনাপতি
মাজুলীৰ দলংখন শীঘ্ৰে সম্পন্ন কৰি ভৱিষ্যতলৈ এনে শোকাবহ দুৰ্ঘটনা প্ৰতিৰোধ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৰূপৰেখা বৰা সেনাপতিয়ে।
আনহাতে পৰিমিতা দাসৰ ভগ্নী মধুমিতা দাসেও নিযুক্তি পত্ৰ গ্ৰহণ কৰি এনে নাও দুৰ্ঘটনাত যাতে আন কোনো লোকে প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাৰ কামনা কৰে।