মুখ্যমন্ত্ৰীৰ পক্ষত জুবিন গাৰ্গ! কাজিৰঙাৰ নৈশ ভ্ৰমণ বিতৰ্ক সন্দৰ্ভত জুবিনে ক’লে এনেদৰে…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সৈতে নিশা কাজিৰঙা ভ্ৰমণ কৰাক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়াৰ।

বিভিন্ন জনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সদগুৰু আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বোকাঘাটত দাখিল কৰা হয় এজাহৰ।

এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে।

নগাঁৱত যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা কামত ব্যস্ত থাকিব লগীয়া হয়, সেয়ে নিশাৰ সময়টো ল’বলগীয়া হৈছে। সময় লৈ কথা। নিশা যাব পাৰে। মই নিশা গৈছো। মানসত মই নিশা প্ৰৱেশ কৰিছো।

লগতে জুবিন গাৰ্গে কয় যে, বাহিৰৰ দেশত নিশা যাব পাৰে, ইয়াতো কৰিব লাগে।

আনহাতে চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত কয় যে, চৰকাৰে সাক্ষাতকাৰ পাতিছে। সাক্ষাতকাৰ অনুষ্ঠিত কৰি নিয়ুক্তি দিছে। ইয়াত মাত মতাটো অনুচিত।