মুখ্যমন্ত্ৰীৰ নিৰ্দেশ- সাম্প্ৰতিক বিষয়ৰ ওপৰত ভগৱানৰ পোছাক পিন্ধি বাটৰ নাট কৰিলেই অপৰাধ নহয়; তাৰ পিছতে মুকলি কৰি দিয়া হ’ল ‘মহাদেৱ’ বিৰিঞ্চি বৰাক

নিউজ ডেস্কঃ অৱশেষত মুকলি আকাশৰ তললৈ আহিল মহাদেৱৰ ভাও লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাটৰ নাট কৰি গ্ৰেপ্তাৰ হোৱা বিৰিঞ্চি বৰা।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে নগাঁও আৰক্ষীয়ে মুকলি কৰি দিলে বিৰিঞ্চি বৰাক।

উল্লেখ্য যে, শনিবাৰে নগাঁৱৰ ৰাজপথত মহাদেৱ-পাৰ্বতীৰ ভেশ লৈ বুলেট বাইকত আহি মূল্যবৃদ্ধিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিৰিঞ্চি বৰা আৰু পৰিস্মিতা নামৰ এহাল যুৱক-যুৱতীয়ে।

বাটৰ নাটৰ জৰিয়তে কৰা এই প্ৰতিবাদৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল মুহূৰ্তৰ ভিতৰতে।

306
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ- সাম্প্ৰতিক বিষয়ৰ ওপৰত ভগৱানৰ পোছাক পিন্ধি বাটৰ নাট কৰিলেই অপৰাধ নহয়; তাৰ পিছতে মুকলি কৰি দিয়া হ’ল 'মহাদেৱ’ বিৰিঞ্চি বৰাক 4

তাৰ পিছতে মহাদেৱক অপমান কৰাৰ অভিযোগ তুলি বিৰিঞ্চি বৰাৰ বিৰুদ্ধে গোচৰ তৰে হিন্দুত্ববাদী সংগঠনে। ইয়াৰ পিছতে একো আতিগুৰি নাচাই নগাঁও আৰক্ষীয়ে আটক কৰি বিৰিঞ্চি বৰাক লৈ যায় নগাঁও সদৰ থানালৈ।

ভগৱান শিৱ-পাৰ্বতীৰ ভাও লৈ এহাল যুৱক-যুৱতীয়ে পেট্ৰ’ল, মিঠাতেল, গেছ চিলিণ্ডাৰ আদিৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদী নাটকে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে সামাজিক মাধ্যমতো।

siv baba
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ- সাম্প্ৰতিক বিষয়ৰ ওপৰত ভগৱানৰ পোছাক পিন্ধি বাটৰ নাট কৰিলেই অপৰাধ নহয়; তাৰ পিছতে মুকলি কৰি দিয়া হ’ল 'মহাদেৱ’ বিৰিঞ্চি বৰাক 5

একাংশই যদি বিৰিঞ্চি বৰাৰ আটকৰ পিছত নগাঁও আৰক্ষীক বাহ বাহ দি হাততালি বজালে, আন একাংশই আকৌ বিজেপিয়ে ভগৱান শিৱ, ৰামচন্দ্ৰৰ ভেশ লৈ চলোৱা নিৰ্বাচনী প্ৰচাৰৰ পুৰণি ভিডিঅ’ খুচৰি প্ৰশ্ন তুলিলে- এয়া ভগৱানক অপমান হয় নে নহয় বুলি।

এনে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ পিছতে দেশৰ জ্যেষ্ঠ অধিবক্তা নৱৰূপ সিঙেও সংবাদ সংস্থা এএনআইৰ এটা টুইট শ্বেয়াৰ কৰি বিৰিঞ্চি বৰাৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰে।

আনহাতে শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিৰিঞ্চি বৰাৰ গ্ৰেপ্তাৰক লৈ। টুইটাৰত মুখ্যমন্ত্ৰীয়ে কয় যে ভগৱানৰ পােছাক পিন্ধি বাটৰ নাট কৰাটাে কােনাে অপৰাধ নহয়, যদিহে তেনে নাটকত অপধৰাধমূলক মন্তব্য কৰা নহয়।

আনকি টুইটযোগে নগাঁও আৰক্ষীক মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ প্ৰদান কৰাৰ পিছতে আৰক্ষীয়ে মুকলি কৰি দিয়ে বিগত প্ৰায় ২৪ ঘণ্টা ধৰি বন্দী কৰি ৰখা ‘মহাদেৱ’ৰূপী বিৰিঞ্চি বৰাক।

উল্লেখ্য যে, দুৰ্যোগৰ সময়ত প্ৰায়ে সাধাৰণ জনতাৰ কাষত থিয় হৈ অহা নগাঁৱৰ এগৰাকী অন্যতম সৰবৰহী যুৱকৰ নামেই হৈছে বিৰিঞ্চি বৰা। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ সময়তো তেওঁ নিজাববীয়াকৈ বন্যাৰ্তৰ মাজত সাহায্য বিতৰণ কৰিছিল।

আনহাতে এইবাৰ বকৰ ঈদৰ সময়ত ৫০ টা বানপীড়িত দৰিদ্ৰ মুছলমান পৰিয়ালক ১ কেজিকৈ মাংস প্ৰদান কৰাৰ সিদ্ধান্ত লৈছিল বিৰিঞ্চি বৰাই। অৱশ্যে তেওঁ এই সমাজসেৱা কৰাৰ পূৰ্বেই শনিবাৰে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হৈছিল।

লগতে চাওকঃ

ঈদৰ উছাহত নিমিষতে নামি আহিল কলীয়া ডাৱৰ! পিতৃৰ সৈতে বজাৰ কৰিবলৈ গৈ মৃত্যু কিশোৰী ৱাহিদৰ

g1 2
মুখ্যমন্ত্ৰীৰ নিৰ্দেশ- সাম্প্ৰতিক বিষয়ৰ ওপৰত ভগৱানৰ পোছাক পিন্ধি বাটৰ নাট কৰিলেই অপৰাধ নহয়; তাৰ পিছতে মুকলি কৰি দিয়া হ’ল 'মহাদেৱ’ বিৰিঞ্চি বৰাক 6