মুখ্যমন্ত্ৰীৰ ঘােষণাঃ পৰীক্ষা মাচুল ঘূৰাই পাব নিযুক্তি পৰীক্ষাৰ অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে

নিউজ ডেস্ক। ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা চলি থকাৰ মাজতে গুৰুত্বপূৰ্ণ ঘােষণা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

নিযুক্তি পৰীক্ষাত অনুত্তীৰ্ণ পৰীক্ষাৰ্থীক ঘূৰাই দিয়া হ’ব মাচুল।

এই কথা সাংবাদিকৰ আগত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

photo1661593187
মুখ্যমন্ত্ৰীৰ ঘােষণাঃ পৰীক্ষা মাচুল ঘূৰাই পাব নিযুক্তি পৰীক্ষাৰ অনুত্তীৰ্ণ প্ৰাৰ্থীয়ে 2

বেংক একাউণ্টৰ জৰিয়তে অনুত্তীৰ্ণ প্ৰাৰ্থীসকলক পৰীক্ষা মাচুল ঘূৰাই দিয়া হ’ব বুলি প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীত সাংবাদিকৰ সৈতে হােৱাৰ সাক্ষাৎকাৰত তেওঁ কয় যে অহা এমাহৰ ভিতৰতে নিযুক্তি পৰীক্ষাৰ ফলাফল ঘােষণা কৰা হ’ব।

উল্লেখ্য যে দেওবাৰে ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছে।

২৫ খন জিলাত ৯ লক্ষাধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছে এই পৰীক্ষাত।