
নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা। ৰেচন কাৰ্ড থকা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে লাভ কৰিব বছৰি ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা সেৱা।
সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ ৫২ লাখ ৰেচন কাৰ্ড হিতাধিকাৰী পৰিয়ালৰ চিকিৎসা ব্যয়ৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে এই আঁচনি গ্ৰহণ কৰাৰ যো-জা চলাইছে ৰাজ্য চৰকাৰে। এই আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে বছৰি ৫ লাখ টকা পৰ্যন্ত ব্যক্তিগত বা চৰকাৰী চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ’ব।
আগন্তুক ২-৩ মাহৰ ভিতৰত এই আঁচনি ৰূপায়ন কৰা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে অকালতে স্বামীহাৰা হোৱা ১৮-৪৫ বছৰৰ ভিতৰৰ বিধৱা মহিলাসকলক এককালীনভাৱে ২৫ হাজাৰ টকাৰ সাহায্য প্ৰদানৰ কামো চৰকাৰে আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে অকালতে বিধৱা হোৱা মহিলাসকলৰ কাষত থিয় হৈ এই আঁচনিৰ জৰিয়তে আৰ্থিকভাৱে কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে ৰাজ্য চৰকাৰে।
এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ১১,৮৯৬ গৰাকী বিধৱা মহিলা উপকৃত হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।