অসম
মুখ্যমন্ত্ৰীৰ কনভয়ক অভাৰটেক কৰিবলৈ গৈ মহানগৰীত আটক এজন যুৱক…

মুখ্যমন্ত্ৰীৰ কনভয়ৰ মাজত সোমাই মালিগাঁৱত আটক এজন বাইক আৰোহী।
দেওবাৰে মুখ্যমন্ত্ৰীৰ গুৱাহাটীৰ চাৰিসীমা ভ্ৰমণৰ সময়ত সংঘটিত হয় এই ঘটনা।
আটকাধীন যুৱকজনৰ নাম নাৰায়ণ সৰকাৰ বুলি জানিব পৰা গৈছে।

মুখ্যমন্ত্ৰীৰ কনভয়ক অভাৰটেক কৰিবলৈ গৈ মালিগাঁৱত আটক হয় যুৱকজন।
এএছ ০১ই ৱাই৭৬৭৪ বাইক লৈ মুখ্যমন্ত্ৰীৰ কনভয়ৰ মাজত সোমাইছিল যুৱকজন।
জালুকবাৰী আৰক্ষীয়ে ততাতৈয়াকৈ আটক কৰে নাৰায়াণ সৰকাৰ নামৰ যুৱকজনক।
লগতে আটকাধীন যুৱকজনৰ পৰা জব্দ কৰে বাইকখন।
বৰ্তমান জালুকবাৰী থানাত ৰখা হৈছে যুৱকজনক।