অসমীয়াঅসম

মুখ্যমন্ত্ৰীৰ কথা শুনিলে আমি আমেৰিকাত থকা যেনেই লাগেঃ কিয় ক’লে বিধায়ক অখিল গগৈয়ে…

নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা শুনিলে আমেৰিকাত থকা যেনেই লাগে। যেন অসমৰ সকলো সমস্যাৰ সমাধানেই হৈ গ’ল..। – এইদৰে ৰাজ্য চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীক্ষ্ণ কটাক্ষ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

অসমৰ বান পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰে বাৰ্তালাপ কৰি অসম চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে অখিল গগৈয়ে। অসমৰ মানুুহ বাহন ককবকাই থকাৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাজনীতিত ব্যস্ত আছে বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে অসমৰ এই দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীয়ে অন্ততঃ ৰাজনীতি বন্ধ কৰা উচিত।

photo1655883500

বিধায়ক অখিল গগৈয়ে কয় যে অসমৰ বান দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৈ ত্ৰিপুৰাত ৰাজনীতিৰ প্ৰচাৰ চলাই আছে। নিৰ্বাচনৰ সময়ত প্ৰচাৰ চলোৱা বেলেগ কথা, কিন্তু অসমৰ এনে বান পৰিস্থিতিৰ সময়ত তেওঁ ৰাজনীতি কৰাটো বন্ধ কৰিব লাগে।

বানমুক্ত অসম গঢ়াৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত অসমত মূল বাৰিষা অহাৰ পূৰ্বেই এতিয়ালৈকে ৮০ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হ’ল বুলি মন্তব্য কৰে অখিল গগৈয়ে।

তেওঁ কয়, ‘বাৰিষাৰ আগলি সময়ত বান মুক্ত অসমৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়ালৈকে ৮০ জন মানুহক মাৰিলে বানপানীৰ নামত।’

আনহাতে বান সাহায্য প্ৰদানৰ নামত হোনা ব্যপক দুৰ্নীতিক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰি অখিল গগৈয়ে কয় যে চৰকাৰে প্ৰদান কৰা সাহায্য ইমানেই লজ্জাজনক আৰু পুতৌকৰ যে কোনো সন্মান থকা মানুহেই ইমানখিনি কম সাহায্য গ্ৰহণ কৰিব নিবিচাৰিব।

হিমন্ত বিশ্ব শৰ্মাৰ বক্তৃতা শুনিলে আমি আমেৰিকাত থকা যেনেই লাগে বুলি কটাক্ষ কৰি বিধায়কগৰাকীয়ে কয় যে তেওঁৰ কথা শুনিলে আমি পৃথিৱীৰ আটাইতকৈ ধনী দেশখনত থকা যেনেই লাগে। অসমৰ সকলো সমস্যাৰ সমাধান হ’লযেনেই লাগে। মুখ্যমন্ত্ৰীয়ে কেৱল ষ্টাণ্টবাজী কৰি ফুৰে। অন কেমেৰা মানুহক দেখুৱাবৰ বাবে উপায়ুক্তক ধমক দিয়ে, অথচ আমি সকলোৱে জানো যে প্ৰত্যেকখন জিলাতে বানাক্ৰান্ত মানুহে পাবলগীয়া সাহায্য লাভ কৰা নাই।

ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাক অহংকাৰী মন্ত্ৰী আখ্যা দি তেওঁৰ বিৰুদ্ধেও সৰৱ হৈ পৰে অখিল গগৈ। মন্ত্ৰী পীযুষ হাজৰিকাৰ কাৰ্যকালতে অসমৰ আশীজন মানুহে বানত পৰি প্ৰাণ হেৰুৱাবলগীয়া হৈছে। ইয়াৰ বাবে তেওঁ হাতযোৰ কৰি ৰাইজৰ ওচৰত ক্ষমা খোজা উচিত বুলিও মন্তব্য কৰে বিধায়ক অখিল গগৈয়ে।

আনহাতে শেহতীয়াকৈ অসমত এনকাউণ্টাৰ হ্ৰাস পোৱা কাৰ্যক আদৰণি জনায় যদিও অখিল গগৈয়ে কয় যে বিজেপি চৰকাৰৰ এখন হত্যাকাৰীৰ চৰকাৰ। বান পৰিস্থিতিৰ বাবে হয়তো চৰকাৰে জনসাধাৰণক ডাইভাৰ্ট কৰাৰ প্ৰয়োজন হোৱা নাই, কিন্তু এয়া একেবাৰে খাটাং যে বিজেপি চৰকাৰৰ দিনত এনকাউণ্টাৰ এতিয়া হোৱা নাই মানেই এয়া বন্ধ হৈ গৈছে। আকৌ যে এই চৰকাৰখনে মানুহ হত্যা কৰিব, সেয়া নিশ্চিত বুলিও দাবী কৰে অখিল গগৈয়ে।

Related Articles

Back to top button