মুখ্যমন্ত্ৰীয়ে অসমৰ মানুহৰ ওপৰত দাদাগিৰি চলায়, কিন্তু মেঘালয়ে আক্ৰমণ কৰিলে মাত মাতিব নোৱাৰেঃ সমালোচনাত সৰৱ অখিল গগৈ…

নিউজ ডেস্কঃ অসম-মেঘালয় সীমান্তত সংঘটিত অপ্ৰীতিকৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ।

মেঘালয়ৰ ওচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্বল স্থিতি গ্ৰহণ কৰিছে বুলি মন্তব্য অখিল গগৈৰ।

তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে দিল্লীৰ ওচৰত মাত মাতিব নোৱাৰে কিন্তু অসমীয়া মানুহৰ ওপৰত দাদাগিৰি চলায়।

অসমত এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিটলাৰী শাসন চলাইছে বুলিও সমালোচনাত মুখৰ হৈ পৰে অখিল গগৈ।

তেওঁ লগতে কয় যে অসমত এতিয়া এজনেই মুখ্যমন্ত্ৰী, এজনেই মন্ত্ৰী, এজনেই বিধায়ক, এজনেই ডিএছপি, এজনেই ডিচি-এছপি।

মুখ্যমন্ত্ৰীৰ ওপৰত কোনেও মাত মাতিব নোৱাৰে বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

মুখ্যমন্ত্ৰী অসমৰ মানুহৰ ওপৰত দাদা, কিন্তু মেঘালয়ে যেতিয়া অসমৰ ওপৰত আক্ৰমণ কৰে, তেতিয়া মাত মাতিব নোৱাৰে বুলি সমালোচনাত সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ।