মুখাগ্নিৰ পূৰ্বে হঠাৎ চিতাৰ ওপৰত উঠি বহিল মৃত ব্যক্তি! দৃশ্য দেখি হতবাক সকলো

নিউজ ডেস্ক। এক নাটকীয় পৰিস্থিতি।

চৌদিশে কান্দোনৰ ৰোল উঠিছিল তেতিয়া। শীৰ্ণপ্ৰায় মুখবোৰত তেতিয়া দুখৰ ছায়া। চাৰিজন মানুহে শৱদেহৰ সাঙি খন কান্ধত তুলি লৈ ৰাম নাম গাই গাই শ্মশান অভিমুখে আগবাঢ়িল।

শোকত ম্ৰিয়মান পৰিয়ালৰ সদস্য, মিতিৰ-কুটুম্ব, বন্ধু সকলো এজন এজনকৈ আহি শ্মশানত উপস্থিত হল। সকলোৱে অন্তিম বিদায় জনাই মৃতদেহটো চিতাত তুলি দিলে। কিন্তু…

চিতাত অগ্নি দিয়াৰ ঠিক আগ মুহূৰ্তত হঠাৎ চিতাৰ ওপৰত উঠি বহে মৃত ব্যক্তিজন। যি দৃশ্য দেখি ভয়ত আটাহ পাৰি উঠে উপস্থিত সকলোৱে। এয়া বাস্তৱ নে সপোন, সেয়া বিশ্বাস কৰিবলৈকে কঠিন হৈ পৰে তেওঁলোকৰ।

25

দৰাচলতে এই নাটকীয় ঘটনা সংঘটিত হৈছে দিল্লীৰ নাৰেলা অঞ্চলত। এজন বৃদ্ধৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে হঠাৎ বৃদ্ধ ব্যক্তিজনে চিতাৰ ওপৰত উঠি বহি ঘন ঘন উশাহ লবলৈ আৰম্ভ কৰাত উপস্থিত সকলৰ মাজত হাহাকাৰ লাগে।

ঘটনাৰ বিবৰণী অনুসৰি, নাৰেলাৰ টিক্ৰি খুৰ্দ গাঁৱৰ সতীশ ভৰদ্বাজ নামৰ ৬২ বছৰীয়া ব্যক্তিজনক স্বাস্থ্যজনিত কাৰণত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তেওঁৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত ভেণ্টিলেটৰত ৰখা হয়।

কিন্তু দেওবাৰে ব্যক্তি জনে উশাহ ল’বলৈ বন্ধ কৰাত পুৱা ১১ বজাত পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু ঘটা বুলি ধৰি লয় আৰু হাস্পতালখনৰ চিকিৎসকৰ অনুমতি অবিহনেই ঘৰলৈ লৈ আনে। যাৰ পিছত তেওঁক অন্ত্যেষ্টিক্ৰিয়াৰ বাবে শ্মশানলৈ লৈ যোৱা হয়।

কিন্তু শ্মশানত তেওঁৰ চিতাত মুখাগ্নি দিয়াৰ আগমুহূৰ্তত হঠাৎ ব্যক্তিজনে উশাহ ল’বলৈ আৰম্ভ কৰে আৰু চকু মেলি উঠি বহে।

ইফালে অন্ত্যেষ্টিক্ৰিয়াত অংশ ল’বলৈ তাত উপস্থিত থকা এগৰাকী চিকিৎসকে ব্যক্তিজনৰ হৃদস্পন্দন পৰীক্ষা কৰি ততাতৈয়াকৈ ৰাজা হৰিচন্দ্ৰ হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে।

আনহাতে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে। অৱশ্যে এই ঘটনা চিকিৎসালয়ৰ অৱহেলাৰ বাবে সংঘটিত হোৱা নাই বুলি প্ৰাথমিক তদন্তৰ অন্তত মন্তব্য কৰে এগৰাকী আৰক্ষী বিষয়াই।

আৰক্ষী বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, কৰ্কট ৰোগৰ আক্ৰান্ত ৬২ বছৰীয়া সতীশ ভৰদ্বাজক হাস্পতালৰ ভেন্টিলেটৰত ৰখা হৈছিল। কিন্তু ভেন্টিলেটৰৰ খৰছ বেছি হোৱাত ব্যক্তিজন মৃত বুলি ধৰি লৈ পৰিয়ালৰ লোকে চিকিৎসকৰ অনুমতি অবিহনেই ঘৰলৈ লৈ আনে। যাৰ ফলত এনে ঘটনা সংঘটিত হয়।

লগতে চাওকঃ

যেন ছবিৰ কাহিনী! প্ৰেমিকৰ হাতত নিজ পত্নীক গতাই দিলে ‘হৃদয়বান’ স্বামীয়ে

Leave a Comment