
নিউজ ডেস্কঃ মুখত মাস্ক পিন্ধি চৰণামৃত পান কৰি বিতৰ্কত মুখ্যমন্ত্ৰী অশোক গেহলট। মন্দিৰ দৰ্শনৰ সময়ত পূজাৰীয়ে দিয়া পদজল মাস্ক পিন্ধি থকা অৱস্থাতে ৰাজস্থানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পান কৰাৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
ৰাজস্থানৰ বিৰোধী দল বিজেপিয়েও মুখ্যমন্ত্ৰীগৰাকীৰ এই কাৰ্যক লৈ উপহাস আৰম্ভ কৰিছে। সমান্তৰালভাৱে নেট ব্যৱহাৰকাৰীয়েও বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অস্বস্তিত পেলাইছে ৰাজস্থান কংগ্ৰেছক।
দৰাচলতে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বুধবাৰে জয়ছলমেৰৰ এটা মন্দিৰ দৰ্শন কৰে। মুখ্যমন্ত্ৰীৰ মন্দিৰ ভ্ৰমণৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। যাৰ পৰা আৰম্ভ হৈছে বিতৰ্ক। সেই ভিডিঅ’টোত গেহলটে ভগৱানৰ মুৰ্তিৰ সন্মুখত থিয় হৈ থকা দেখা গৈছে। তেওঁৰ চৌদিশে নিৰাপত্তাৰক্ষী।
एक और पप्पू
— Deepak SHarmaa (@TheDeepak2022) September 6, 2022
राजस्थान के मुख्यमंत्री अशोक गहलोत से सीखें कि जल को मास्क के साथ कैसे पियें || pic.twitter.com/1hMjKsI0WX
সেই সময়তে মন্দিৰৰ পুৰোহিতে গেহলটক চৰণামৃত প্ৰদান কৰে। গেহলটে লগে লগে সেয়া পান কৰাৰ ভাও ধৰে যদিও সেই সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে মুখত মাস্ক পৰিধান কৰি থকা দেখা গৈছে।
মুখ্যমন্ত্ৰীগৰাকীৰ এই ভুৱা চৰণামৃত পানৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে বিৰোধীয়ে ক্ষুৰধাৰ সমালোচনা কৰা আৰম্ভ কৰে। গেহলট আৰু কংগ্ৰেছ যে হিন্দু ধৰ্মত বিশ্বাসী নহয়, সেয়া এই ভিডিঅ’ই প্ৰমাণ কৰিছে বুলিও কটাক্ষ কৰে বিজেপিকে ধৰি বিভিন্নজনে।