নিউজ ডেস্কঃ মেঘালয়ৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ মক্ৰোহ গাঁৱত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হৈছে ৰাজ্যখনৰ ৭ খন জিলাৰ ইণ্টাৰনেট সেৱা।
মেঘালয় চৰকাৰে প্ৰকাশ কৰা মতে, মঙলবাৰৰ পৰা ৪৮ ঘণ্টাৰ বাবে জিলা কেইখনত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।
উল্লেখ্য যে, মঙলবাৰে অসম-মেঘালয় সীমান্তৰ মুক্ৰোহ অঞ্চলত সংঘটিত হোৱা গুলীচালনাৰ ঘটনাত পশ্চিম জয়ন্তীয়া পাহাৰৰ তিনিজন লোক আৰু এজন অসম বনৰক্ষীকে ধৰি কমেও চাৰিজন লোক নিহত হয়।

মুক্ৰোহত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছতে অসম আৰক্ষীয়ে মেঘালয়ৰ সীমান্তৱৰ্তী আটাইকেইখন জিলাতে যিকোনো সম্ভাৱ্য আইন-শৃংখলা পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সতৰ্ক কৰি দিয়ে মেঘালয় প্ৰশাসনে।
প্ৰণিধানযোগ্য যে, মুক্ৰোহত সংঘটিত গুলীচালনাৰ ঘটনাত ৪ জন লোকৰ মৃত্যু হয়। মুক্ৰোহ এলেকাত অসম বন বিভাগে অবৈধভাৱে কাঠ সৰবৰাহৰ অভিযোগত এখন ট্ৰাক আটক কৰি ৰখাই থোৱাৰ পিছতে সংঘটিত হয় এই গুলীচালনাৰ ঘটনা।

জানিব পৰা মতে, ট্ৰাকখন ৰখাই চালকজনে পলায়ন কৰিবলৈ চেষ্টা কৰাৰ ফলত বনৰক্ষী বাহিনীয়ে গুলীচালনা কৰে। গুলীচালনাৰ ফলত ট্ৰাকখনৰ এটা টায়াৰ ফাটি যায়।
ইয়াৰ পিছতে বাহনখনৰ চালক আৰু হেণ্ডিমেন আৰু আন এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয় যদিও আন লোকে পলায়ন কৰিবলৈ সক্ষম হয় বুলিও অসম আৰক্ষীৰ এগৰাকী বিষয়াই জনায়।

বনৰক্ষী বাহিনীয়ে জিৰিকেণ্ডিং আৰক্ষী থানাৰ সৈতে যোগাযোগ কৰাত ততাতৈয়াকৈ আৰক্ষীৰ বাহিনী ঘটনাস্থলীত উপস্থিত হয়।
আৰক্ষীয়ে সেই স্থানত উপস্থিত হোৱাৰ পিছত পুৱা প্ৰায় ৫ বজাত মেঘালয়ৰ পৰা হাতত ডেগাৰ আৰু অন্যান্য অস্ত্ৰৰে সজ্জিত বৃহৎ সংখ্যক লোক সেই স্থানত সমবেত হয়।

ইয়াৰ পিছতে বনৰক্ষী আৰু আৰক্ষীক ঘেৰাও কৰি গ্ৰেপ্তাৰ কৰাসকলক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী জনায় স্থানীয় একাংশ লোকে। আৰক্ষী আৰু বনৰক্ষীক আক্ৰমণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ আওতালৈ আনিবলৈ আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়।
পশ্চিম কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক ইমদাদ আলীয়ে কয়, “এই ঘটনাত এজন বন গৃহৰক্ষী আৰু মেঘালয়ৰ খাচী সম্প্ৰদায়ৰ তিনিজন লোক নিহত হয়। পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে।”

ইফালে, এজন আৰক্ষী বিষয়াই ইয়াত জনোৱা মতে, মেঘালয়ৰ সীমান্তৱৰ্তী সকলো জিলা আৰু তেওঁলোকৰ আৰক্ষীক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
অন্যহাতে এই ঘটনাৰ পিছতে মেঘালয়লৈ অসমৰ পৰা যোৱা সকলো বাহনক যোৰাবাটত বাধা প্ৰদান কৰিছে অসম আৰক্ষীয়ে।